দৰঙত জিলা পথ সুৰক্ষা সমিতিৰ সভা
কিশোৰ কুমাৰ শৰ্মা,মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয় । জিলা তথ্য আৰু জনসংযোগ বিভাগে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি দৰংৰ উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত জিলাখনত পথ দূৰ্ঘটনা ৰোধ কৰা আৰু পথ সুৰক্ষা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় ।উপায়ুক্তগৰাকীয়ে জিলা পৰিবহন বিষয়াক জিলাখনৰ সকলো পে’ট্ৰল পাম্পৰ প্ৰৱেশ আৰু প্ৰস্থান পথত “ন’ হেলমেট, ন’ পে’ট্ৰল” লিখা গ্লো’ছাইন থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলাখনৰ বিভিন্ন স্থানত পথৰ দাঁতিত বহা সাপ্তাহিক বজাৰে সৃষ্টি কৰা যানজঁটৰ সমস্যা সমাধান কৰাৰ ওপৰত উপায়ুক্তগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে । বিশেষকৈ ধূলা, বঙলাগড় আৰু দুমুনীচকীত বজাৰৰ দিনত হোৱা যানজঁট আৰু যাতায়তৰ সমস্যাৰ কথা উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষৰ সহযোগত এই সমস্যা যথাসম্ভৱ সোনকালে সমাধান কৰা প্ৰয়োজন । এনে বজাৰত পথৰ দাঁতিত সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বাবে জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে প্ৰশাসনে দৃঢ় স্থিতি গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য কৰে । ইফালে পথ দূৰ্ঘটনা ৰোধ কৰাৰ বাবে উপপথ সমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা স্থানত উপযুক্তভাৱে গতিৰোধকৰ ব্যৱস্থা, গতিৰোধক সমূহ সহজে চকুত পৰাৰ বাবে বিধিসন্মত ৰঙৰ ব্যৱহাৰ, পথৰ সাংকেতিক চিহ্নৰ ব্যৱহাৰ আদিৰ বিষয়েও সভাত আলোচনা কৰা হয় । উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি বিষয়াকেইগৰাকীক কয় যে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত হোৱা গাঁতসমূহে যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি কৰিছে । এই সমস্যা আঁতৰ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱা প্ৰয়োজন । পথ দূৰ্ঘটনা ৰোধৰ বাবে ছাত্র-ছাত্রী তথা যুৱপ্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ বিষয়েও জিলা পথ সুৰক্ষা সমিতিৰ সভাখনত বিস্তৃতভাৱে আলোচনা কৰা হয় । এনে সজাগতা সৃষ্টিৰ বাবে শিক্ষানুষ্ঠানসমূহত পথ সুৰক্ষা বিষয়ক ছুটি নাটক, শিক্ষকৰ সজাগতামূলক চমু বক্তৃতা আদি বিভিন্ন উপায়ৰ অৱলম্বনৰ বিষয়ে আলোচনা কৰা হয়। মঙলদৈৰ ট্ৰেফিক ছিগনেলসমূহত প্ৰয়োজনীয় লাইট, কৰ্তব্যৰত যানবাহন আৰক্ষীৰ বাবে উপযুক্ত শ্বেদ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে আজিৰ সভাত কয় ।দৰং জিলা পথ সুৰক্ষা সমিতিৰ এই সভাত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে ।