দৰঙত জলজীৱন মিছন আৰু জলশক্তি অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা

দৰঙত জলজীৱন মিছন আৰু জলশক্তি অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলা আয়ুক্তৰ সভাগৃহত জিলাখনত জল জীৱন মিছন আৰু জলশক্তি অভিযানৰ কাম-কাজৰ এক পৰ্যালোচনা সভা কালি অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা আকাংক্ষিত জিলা কাৰ্যসূচীৰ কেন্দ্রীয় প্ৰভাৰী বিষয়া অজয় তিৱাৰীয়ে দৰঙত জলজীৱন মিছন আৰু জলশক্তি অভিযানৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সভাত সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সচিবগৰাকীক এই মিছন আৰু অভিযানৰ অগ্ৰগতিৰ সবিশেষ অৱগত কৰা হয়। সভাত কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কয় যে প্ৰতিঘৰ মানুহে নলযোগে পানী লাভ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ সফলতাই সমাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । উপযুক্ত খোৱাপানী যোগানে বেমাৰ -আজাৰ প্ৰতিৰোধতো সহায় কৰিব । তেওঁ জিলাখনত পৰিশোধিত পানী যোগানৰ বাবে নিয়মীয়াকৈ পানীৰ পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগক এই আঁচনিৰ নিৰ্মাণ কাৰ্যসমূহ অহা মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সচিব অজয় তিৱাৰীয়ে কয় যে জলজীৱন মিছন আৰু জলশক্তি অভিযানৰ দৰে আঁচনিৰ সফলতাই সমাজৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰিব। পৰ্যালোচনা সভাত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে জিলাখনৰ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।