দৰঙত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান

দৰঙত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈৰ কাছাৰী ময়দানত খেল মহাৰণ, ২০২৩ ৰ দৰঙৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠান কালি অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি দৰং জিলাৰ অভিভাৱক মন্ত্ৰী তথা পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, সংখ্যালঘু উন্নয়ন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে খেল মহাৰণ আৰু অসম সাংস্কৃতিক মহাসংগ্ৰামে সমগ্ৰ ৰাজ্যখনতে ক্ৰীড়া আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন পৰিৱেশৰ সূচনা কৰিছে। খেল মহাৰণে ৰাজ্যখনৰ চুকে-কোণে থকা নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিছে আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে আমাৰ ৰাজ্যখনত ক্ৰীড়া প্ৰতিভাৰ অভাৱ নাই । খেল মহাৰণে এই প্ৰতিভাসমূহক চিনাক্ত কৰি উপযুক্ত বিকাশৰ মঞ্চ প্ৰদান কৰিছে। ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ এই সৰ্ববৃহৎ প্ৰতিযোগিতাই অসমক ক্ৰীড়াৰ ক্ষেত্ৰক বহুদূৰ আগুৱাই নিব । এই অভূতপূৰ্ব কাৰ্যসূচীৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। তেওঁ লগতে কয় যে হিমা দাস, লাভলীনা বৰগোহাঁই, নয়নমনি শইকীয়াৰ দৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ পৰা অহা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰল সফলতা লাভ কৰি নিজৰ লগতে ৰাজ্যখনলৈও সুনাম কঢ়িয়াই আনিছে। এই সকল খেলুৱৈৰ আদৰ্শ অনুকৰণ কৰি আগবাঢ়ি যাবলৈ তেওঁ খেল মহাৰণত অংশ গ্ৰহণ কৰা খেলুৱৈ সকলৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে প্ৰথমবাৰৰ বাবে আয়োজন কৰা খেল মহাৰণে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বিৰল সুযোগ প্ৰদান কৰিছে । এনে কাৰ্যসূচীৰ জৰিয়তে এই সকল খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়তো এখন মঞ্চ লাভ কৰিব । ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ এই অভূতপূৰ্ব আৰু সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনিৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বৰ শলাগ লয়। অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে খেল মহাৰণত অংশ গ্ৰহণ কৰি খেলুৱৈসকলে নিজৰ প্ৰতিভা আৰু কঠোৰ চেষ্টাৰ জৰিয়তে পঞ্চায়ত পৰ্যায়ৰ পৰা আহি জিলা পৰ্যায় পাইছেহি । তেওঁলোকে এই সফলতাৰ ধাৰা ৰাজ্যিক পৰ্যায়তো অব্যাহত ৰাখি জিলাখনলৈ সুনাম কঢ়িয়াই আনিব বুলি জিলা আয়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত এথলেটিক্স, ফুটবল, কাবাডী, খো-খো, ভলীবল খেলৰ বিভিন্ন শাখাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। খেল মহাৰণৰ দৰঙৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় গায়ক অনুপম শইকীয়াই গীত পৰিৱেশন কৰে। ইয়াৰোপৰি অনুষ্ঠানত জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে জিলাখনৰ চাৰিওটা সমষ্টিৰ খেলুৱৈসকল, ছাত্ৰ-ছাত্ৰী, ক্ৰীড়াবিদ, ক্ৰীড়ানুৰাগী ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।