দৰং জিলাত স্বাস্থ্য সেৱা উৎসৱ-২ ৰ সফল সামৰণি

দৰং জিলাত স্বাস্থ্য সেৱা উৎসৱ-২ ৰ সফল সামৰণি

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য সেৱা উৎসৱ -2 ৰ আজি সামৰণিৰ দিনটোত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই জলজলী খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে হেঙালপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে।উল্লেখ্য যে, আজি ৰাজ্যখনৰ আন জিলাসমূহৰ লগতে দৰং জিলাতো সামৰণি পৰে স্বাস্থ্য সেৱা উৎসৱ -২ । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ উদ্যোগত যোৱা ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই তিনি দিনীয়া স্বাস্থ্য সেৱা উৎসৱ -২ ৰ জিলাখনত সফল সামৰণি পৰে। আজি মঙলদৈৰ আৱৰ্ত ভৱনত জিলাখনৰ স্বাস্থ্য সেৱা উৎসৱ-২ ৰ সামৰণিৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মাই কয় যে দৰং এখন আকাংক্ষিত জিলা আৰু এই স্বাস্থ্য সেৱা উৎসৱে আমাৰ জিলাৰ চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নয়নত সহায় কৰিব। তেওঁ প্ৰতি গৰাকী বহিঃ পৰ্যবেক্ষকক ধন্যবাদ জ্ঞাপন কৰে। জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁত ধৰা সামৰণি অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ গোস্বামী, মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া (অসংক্ৰামক ৰোগ), বহিঃ পৰ্যবেক্ষক সকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।আজি স্বাস্থ্য সেৱা উৎসৱৰ শেষৰ দিনটোত ১৪ খন চিকিৎসালয়ত বহিঃ মূল্যায়নকাৰীয়ে নিৰীক্ষণ কৰে।ইয়াৰে ৮ খন চিকিৎসালয় বহিঃ নিৰীক্ষকেও পৰিদৰ্শন কৰে। উল্লেখ্য যে এই স্বাস্থ্য সেৱা উৎসৱৰ তিনিটা দিনত জিলাখনৰ ৪২খন চিকিৎসালয়ত বহিঃ পৰ্যবেক্ষকে পৰ্য্যবেক্ষণ কৰাৰ লগতে ২৪ খন চিকিৎসালয় বহিঃ নিৰীক্ষকে পৰিদৰ্শন কৰে।