দ্বিবৰণ – কাজি শ্বাহাদত ইছলাম

PC - Adobe Stock
দ্বিবৰণ
কাজি শ্বাহাদত ইছলাম, দক্ষিনগাঁও
সেই সময়ত তুমিয়েই কৈছিলা-
“তুমি বিহীন মোৰ আছেনো কোন?”
আৰু আজিৰ সময়ৰ চিন্তা-
“আচলতে তুমিনো বাৰু কোন?”
কেতিয়াবা এটা বাক্যই
ছন্দোৱদ্ধ সুশীল জীৱন এটাৰ
ছন্দপতন ঘটাই দিয়ে…
আৰু বহুতেই চকুলোৰে লিপিবদ্ধ কৰে ইতিহাস!!
এটা সময় আছিল তোমাৰ প্ৰতিটো উশাহতে
মিশ্ৰিত হৈ আছিল মোৰ মৰমৰ সুবাস…
কিয় জানো আজিকালি মোৰ মৰমবোৰে
তোমাৰ উশাহবোৰক বিচলিত কৰে,,
উৎকণ্ঠিত হৈ পৰে তোমাৰ সমস্ত হৃদয়
মোৰ চমু চপাৰ বাতৰিত!!
এই দ্বিবৰণ সময়ৰ নে হৃদয়ৰ…!!
কাৰ প্ৰৰোচনাত দন্যতাৰ সাগৰত গলি গ’ল
হেঁপেহুৱা অনুভূতিবোৰ…?
এতিয়া কিয় বাৰু ৰোমন্থিত নহয় কদাপিও
আলসুৱা তোমাৰ অযুত মৰমবোৰ…!!
হয়তো এনেকৈয়ে নিঃশেষ হ’ম মই-
বিলোপন হ’ব মোৰ মায়াৱী পৃথিৱী….
দিন যেনেদৰে ৰাতিৰ বুকুত বিলোপন হয়।