দ্বাদশ জ্যোতিৰ্লিংগৰ তৃতীয় লিংগ– শ্ৰী শ্ৰী মহাকালেশ্বৰ
অমল শৰ্মা
প্ৰাচীন ভাৰতৰ সপ্তপুৰীৰ নাম সকলোৰে জ্ঞাত।সেই সপ্তপুৰীৰ ভিতৰত এখন অন্যতম পুৰী অৰ্থাৎ চহৰ আছিল অবন্তিকা পূৰী। বৰ্তমান ভাৰতবৰ্ষৰ মধ্য ৰাজ্য মধ্যপ্ৰদেশৰ উজ্জয়িনী নগৰৰ পূণ্যশ্ৰোতা শিপ্ৰা ( ক্ষিপ্ৰা) নদীৰ তীৰত অৱস্থিত এই স্হানকেই অবন্তিকা পুৰী বোলা হৈছিল। এই অবন্তিকা পুৰীতেই এক মহাশক্তি সম্পন্ন জ্যোতিলিংগ বিৰাজমান হৈ আছে। যাৰ নাম — মহাকালেশ্বৰ। পুৰাণৰ মতে অতীতত চন্দ্ৰ সেন নামৰ এজন ৰজাই ইয়াত ৰাজত্ব কৰিছিল। তেওঁ শিবৰ এজন প্ৰকৃত সাধক আছিল। কোনো এদিন শ্ৰী কৰ নামৰ এটি পাচ বছৰীয়া গোপবালক ৰজাৰ হাউলীৰ কাষৰ পথেৰে মাকৰ লগত গৈ আছিল। গোপ বালক জনে ৰজাৰ পূজা দেখা পাই বৰ আচৰিত হ’ল আৰু জানিবলৈ কৌতূহল জাগ্ৰত হ’ল। নিজেও তেনে ধৰণেৰে পূজা কৰিবলৈ ব্যাকুল হৈ সকলো সামগ্ৰী গোটাই দিবলৈ মাকক খাটনি ধৰিলে। কিন্তু মাকে বিভিন্ন স্হানত বহুত চেষ্টা কৰিও সামগ্ৰী গোটাই দিবলৈ ব্যৰ্থ হল।বিষন্ন মনেৰে ঘৰলৈ বুলি ওভতি আহোঁতে পথৰ পৰা এটি সুন্দৰ পাথৰৰ টুকুৰা বোজা বান্ধি ঘৰলৈ লৈ আহিল। পিছদিনা পূৱাই ঘৰৰ উত্তৰ দিশত গোপবালকটিয়ে শিৱৰূপে স্হাপন কৰি ফুল চন্দন, নৈবেদ্য সহকাৰে পূজা কৰিবলৈ আৰম্ভ কৰিলে। যথাসময়ত মাকে খোৱাৰ কাৰণে মাতিলেও পূজা এৰি থৈ খাবলৈ আহিবলৈ অমান্তি হয় । সদায়েই এনেদৰে খোৱা বোৱাৰ প্ৰতি অনীহা আৰু ঘৰৰ সকলোৰে প্ৰতি বৈৰাগ্য ভাব দেখি শেষত মাকে সেই পাথৰটো উঘালি দুৰলৈ দলিয়াই পেলাই দিলে। এই কাৰ্যত শিশুটিৰ মনত বৰ আঘাত পালে আৰু কান্দি কান্দি চিঞৰি চিঞৰি শিৱ শিৱ বুলি মাতিবলৈ আৰম্ভ কৰিলে। কান্দি কান্দি এসময়ত শিশুটি অজ্ঞান হৈ পৰিল।বালকৰ এই আচৰণ আৰু শুদ্ধ ভক্তি ত শিৱ অতিশয় প্ৰসন্ন হ’ল। জ্ঞান ঘুৰাই পায় শিশুটিয়ে তেওঁৰ সন্মুখত সোন ৰূপ আৰু বিচিত্ৰ ৰত্ন খচিত এটা বিশাল মণ্ডিৰ দেখিবলৈ পালে। সেই মণ্ডিৰৰ মধ্যস্হানত অত্যন্ত প্ৰকাশমান ভাস্বৰ, মহাতেজ সম উজ্জ্বল জ্যোতিলিংগ বিৰাজমান হৈ আছে।সন্তোষিত আৰু আনন্দিত হৈ বালকে ভগৱান শিৱৰ স্তুতি আৰম্ভ কৰিলে। এই কথা খন্তেকতে বনজুইৰ দৰে বিয়পি পৰিল। মাকে এই সংবাদ পাই দৌৰি আহি শিশুটিক সাবটি ধৰি মুৰ শুঙি আশীৰ্বাদ দিবলৈ ধৰিলে। এই সংবাদে ৰজা চন্দ্ৰ সেনকো বহুত উৎসাহিত কৰা যেন দেখা গ’ল। ৰজা নিজে সেই মণ্ডিৰ দৰ্শন কৰিবলৈ পাই শিশুটিৰ ভক্তি আৰু সিদ্ধি ৰ প্ৰসংশা কৰিলে। লাহে লাহে সেই স্হানত জনসমাগম বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে ভক্তৰ সমাগমৰ মাজতে এদিন সেই স্হানত হনুমান প্ৰভূ আবিৰ্ভাৱ হয়। হনুমানে ভক্তৰ প্ৰতি উদ্দেশ্য কৰি কলে– হে ভক্তসকল, সকলো দেৱ- দেৱতাৰ ভিতৰত সহজেই আৰু ক্ষিপ্ৰতাৰে ফল প্ৰদানকাৰী দেৱতা হৈছে শিৱ। এই বালকৰ সাধনা আৰু তপস্যা শুদ্ধ ভক্তি ৰস কাৰণেই তেওঁ এনে এটি ফল দান কৰিছে যি ঋষি মুনি সকলেও কোটি কোটি জন্মৰ তপস্যাৰ দ্বাৰাও লাভ কৰা সম্ভব নহয়। এই বালকৰ পিছৰ অষ্টম বংশত নন্দ গোপ ৰূপে জন্ম গ্ৰহণ কৰিব। দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে কৃষ্ণ অৱতাৰ ৰূপে তেওঁৰ গৃহত নানান ৰূপে ক্ৰীড়া কৰিব — এই বুলি হনুমান অন্তৰ্ধান হ’ল। সেই স্হানত নিষ্ঠাৰে শ্ৰী কৰ গোপ আৰু ৰজা চন্দ্ৰসেনে ভগৱান শিৱক আৰাধনা কৰিবলৈ লাগিল আৰু শেষত শিৱলোকত স্হান প্ৰাপ্ত হ’ল। অন্য এটা কাহিনী অনুসৰি এসময়ত অবন্তিকা পুৰী ত এজন বেদান্ত, তপোনিষ্ঠ আৰু তেজস্বী ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণ ৰ তপস্যাত বিঘিনি ঘটোৱা উদ্দেশ্যে ই এদিন দুষন নামৰ এক অসুৰৰ আবিৰ্ভাৱ ঘটে। ব্ৰহ্মাৰ বৰৰ দ্বাৰা বলীয়ান হৈ জন সমাজত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি ফুৰাত সৰ্বজনে ত্ৰাহি ত্ৰাহি কৰিবলৈ ধৰিলে। ব্ৰাহ্মণক কষ্ট দিয়া দেখা পাই সমস্ত প্ৰাণীৰ কল্যাণকাৰী ভগৱান শংকৰ সেই স্হানত উপস্থিত হ’ল। এটি মাত্ৰ হুংকাৰৰ দ্বাৰা সেই অত্যাচাৰী দানৱক ঠাইতেই ভস্মীভূত কৰে। সেই দূষন নামৰ দানবক ভস্মীভূত কৰাৰ সময়ত শিৱৰ যি কালৰূপ দৰ্শন হৈছিল সেই কালৰূপৰ পৰাই “মহাকালেশ্বৰ” নামেৰে জনাজাত হয়। মহাকাল অৰ্থাৎ দুসময় ৰ যি ঈশ্বৰ তেওঁৱেই “” মহাকালেশ্বৰ””! শিৱ পুৰাণ, স্কণ্ডপূৰাণ আদিত এই জ্যোতিলিংগৰ সবিস্তাৰ বৰ্ণনা উল্লেখ পোৱা যায়।
ঔম্ নম্ঃ শিৱায়।।