দেশৰ ভিতৰতে অসমত পেট্র’ল-ডিজ্বেলৰ দাম আটাইতকৈ কমঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc The Financial Express

দেশৰ ভিতৰতে অসমত পেট্র’ল-ডিজ্বেলৰ দাম আটাইতকৈ কমঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা –   পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক ক্ষতি কৰিছে বুলি প্ৰকাশ কৰে মুখ্য়মন্ত্ৰীয়ে। ইন্ধনজাত সামগ্ৰীৰ মূল্য প্ৰতিদিনে বৃদ্ধি হৈ থকাৰ সময়তে শাসকীয় দলৰ একাংশ নেতাই সমগ্ৰ বিষয়টোক লৈ কৰা মন্তব্যই ৰাজ্যৰ সাধাৰণ লোকৰ মাজত যথেষ্ট বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছে। এই মূল্যবৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰি কয় যে অসম চৰকাৰে যোৱা মাৰ্চ মাহতে পেট্ৰ’ল-ডিজেলৰ ওপৰত থকা ভেট প্রত্যাহাৰ কৰাৰ কাৰণে দেশৰ ভিতৰতে অসমত পেট্র’ল-ডিজ্বেলৰ দাম আটাইতকৈ কম। তৎসত্ত্বেও পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক যথেষ্ট ক্ষতি কৰিছে। এইক্ষেত্ৰত ভাৰত চৰকাৰে যিসমূহ ৰাষ্ট্ৰৰ পৰা পেট্ৰ’ল-ডিজেল আমদানি কৰে, সেই ৰাষ্ট্ৰসমূহৰ লগত আলাপ-আলোচনা কৰি এইক্ষেত্ৰত ৰাইজক সকাহ দিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীজনাই।