দৃষ্টি নন্দন আকাশখন- বন্দিতা শৰ্মা কন্দলি

Pc Wikipedia

দৃষ্টি নন্দন আকাশখন

মৰমৰ অকণিহঁত, ফৰকাল বতৰৰ ৰাতিৰ আকাশখন দেখিবলৈ বৰ ধুনীয়া নহয় নে বাৰু! সুবিশাল আকাশখনত তিৰেবিৰাই থকা অগণন উজ্জ্বল তৰা, তিৰেবিৰাই নথকা স্থিৰ তৰা ,পপীয়া তৰা আদি অলেখ বস্তু ৰে ভৰা আকাশখনে আমাক সদায় আকৰ্ষণ কৰি আহিছে । আমি দেখা পোৱা তৰা সমুহৰ বেছিভাগেই দেখাত নিচেই সৰু, কিছুমানক অলপ ডাঙৰো দেখা যায়। তৰা সমুহ নিচেই সৰু দেখাৰ কাৰণটো কি জানানে ? চকুৰ পৰা লক্ষ্য বস্তু (চাব বিচৰা বস্তু) ৰ দূৰত্ব যিমানে বাঢ়ে, বস্তুটো সিমানেই সৰু দেখা যায়। প্ৰকৃততে তৰা সমুহৰ আকৃতি ইমান সৰু নহয় । আমাৰ পৰা বহু দূৰৈত অৱস্থিত বাবেহে সৰু দেখা পাওঁ। আকাশত দেখা পোৱা জ্যোতিষ্ক (আকাশত থকা উজ্জ্বল বস্তুবোৰ)বোৰৰ কিছুমান তৰা বা নক্ষত্ৰ, কিছুমান গ্ৰহ, কিছুমান উপগ্ৰহ। তৰা বা নক্ষত্ৰৰ হে নিজা তাপ আৰু পোহৰ আছে। আমি বাস কৰা গ্ৰহ পৃথিৱীয়ে সূৰ্যৰ পৰা তাপ আৰু পোহৰ পায়। সূৰ্য টো এটা নক্ষত্ৰ। সূৰ্য্য আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সেয়ে ইয়াক আমি ডাঙৰকৈ দেখা পাওঁ। সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথেৰে অনবৰতে ঘূৰি থকা গ্ৰহ, উপগ্ৰহ, ধুমকেতু,উল্কা আৰু গ্ৰহাণুপুঞ্জ আদিৰে সৃষ্টি হোৱা সূৰ্যৰ পৰিয়াল টোক সৌৰজগত বোলা হয়।
দিনৰ ভাগৰ আকাশখনো কম ধুনীয়া নহয়! দিনৰ ভাগত খালী চকুৰে আকাশত আমি কি কি বস্তু দেখা পাওঁ বাৰু ? খালী চকুৰে ফৰকাল আকাশত আমি মাথোঁ ছয় হাজাৰ তৰা বা নক্ষত্ৰ দেখা পাওঁ তাৰোপৰি আমি দেখা পাওঁ সূৰ্যটো, চন্দ্ৰটো, পাচঁটা গ্ৰহ যেনে বুধ,শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি গ্ৰহ। পঁচিশটা মুক্ত গ্ৰহৰ থুপ (open clusters) , থুপিতৰা ( Globular clusters), নীহাৰিকা(Nebulae :gas clouds), হাতীপটি (the Milky way) আদি।
আমি দেখা পোৱা চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ। মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা পোৱা সৰু সৰু পদাৰ্থৰ থুপ সমুহ হৈছে গ্ৰহাণুপুঞ্জ । আকৌ মাজে-সময়ে আকাশত ভুমুকি ‌মৰা বাষ্পীয় আৱৰণ থকা পদাৰ্থ পিণ্ডসমুহেই হৈছে ধুমকেতু। আকাশত যে কিমান বিভিন্ন বস্তু আছে!ভাবিয়েই আচৰিত হৈ পৰো‍ঁ নহয়নে বাৰু? আবেলি পৰত আকাশখন আকৌ এবাৰ চাবলৈ মন গৈছেনে ?

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও