দূৰাকাংক্ষা – আয়নাল হক

PC - 123RF
দূৰাকাংক্ষা
আয়নাল হক, ধুবুৰী 
হাৰিম বুলি জনাৰ পিছতো
খেলি থকাৰ মন…
এই আপদীয়া হেঁপাহটোৱেই
যত পয়মাল ।
ফলাফল জনাৰ পিছতো
খেলি থাকিবলৈ ইচ্ছা কৰাটো
কম ডাঙৰ কথানে ?
ইয়াত গোপনে থকা
শব্দটো হ’ল–‘কিজানি’ ।
এৰা,
আশাধাৰী প্ৰাণী
আশাতেই ভজে যত নৰ-নাৰী।
চৰাইৰ দৰে উৰিবলৈ
কাৰনো মন নাযায় ?
জোনৰ তুলসী তলত চৰি থকা মৃগ-পহুজনীক
কাৰনো কাষৰ পৰা চাবলৈ মন নাযায়?
নোৱাৰোঁ বুলি জানিও
শেষ নহয় এই আপদীয়া হেঁপাহটো।
পূৰ্ণ খেলুৱৈ নহ’লোঁ যে…!
সেয়ে জীৱনৰ ডাঙৰ খেলখনত
হাৰিম বুলি আগতীয়াকৈ জানিও
খেলাৰ স্পৃহাৰ পৰা
আঁতৰি আহিব নোৱাৰিলোঁ।
কি যে দূৰাকাংক্ষা মানুহৰ
অনন্ত হেঁপাহৰ…।