দূবৰি বনৰ আত্মকথা
মই দূবৰি বন,
জীয়াই থকাৰ মোৰ বৰ মন৷
কে তি য়াবা গচকত মৰহি যাওঁ,
কে তি য়াবা জংলী বুলি কটা যাওঁ৷
পি ছে
শিপাবোৰ মোৰ জীয়াই থাকে মাটিৰ তলত,
গজি উঠোঁ পুনৰায় ৷
হ’লেও সৰুবন,
জীয়াই থকাৰ মোৰ বৰ মন ৷
পূজাথলীত মই শান্তি জল চটিয়াওঁ,
বাগিচাত দলিচা সজাওঁ,
নিয়ঁৰত মুকুতা আৰো ৷
তথাপি মই এলাগি ,
অলপ বাঢ়িলেই হৈ পৰো জংলী,
তেতিয়া উঠাই দিয়ে মোক শিপাবোৰ উঘালি ৷
পি ছে মইওতো নহওঁ কম,
য’তেই পেলাই দিয়ে ত’তেই গজি উঠোঁ পুনৰায় ৷
হ’লে ও সৰুবন,
জীয়াই থকাৰ যে মোৰ বৰ মন।
– ভবে ন্দ্র কুমাৰ দাস, গুৱাহাটী
দূবৰি বনৰ আত্মকথা-ভবে ন্দ্র কুমাৰ দাস
