দুৰ্বল মানুহৰ ওপৰত সদায় আক্ৰমণ হয় – চন্দ্ৰ শেখৰ পৰাজুলী

PC Adobe Stock

দুৰ্বল মানুহৰ ওপৰত সদায় আক্ৰমণ হয়

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে কবলৈ বৰ বেয়া লাগিছে যদিও প্ৰকৃত সত্য কথাবোৰক আপোনালোকৰ আগত উজাগৰ কৰিবলৈ অনিচ্ছা সত্বেও বৰ মন গৈছে। কিয়নো সত্য কথাবোৰ সোৱাদ তিতা,কেহা লাগিলেও সত্য কথাবোৰৰ মান সৃষ্টিৰ অন্তিম পৰ্যায়লৈ একে হৈ থাকিব। চাওঁক মই প্ৰথমে উল্লেখ কৰিছোঁ যে,দুৰ্বল মানুহৰ ওপৰত সদায় আক্ৰমণ হয়। এতিয়া আপোনালোকে মোৰ কোৱা কথাষাৰ হয় নে নহয় নিশ্চিত কৰক। কেতিয়াবা কোনো এজন  মানুহে অন্য কোনো এজন সাধাৰণ লোকৰ আগত  অত্যাচাৰ বা খংঙাল মনোভাব প্ৰকাশ কৰা দেখা যায়। এইধৰনৰ পৰিস্থিতিৰ কেতিয়া উদ্ভাৱন হয় জানেনে ? যেতিয়া আপোনাৰ বিৰোধী পক্ষত থকা মানুহজন আপোনাতকৈ প্ৰায় প্ৰতিটো পক্ষত দুৰ্বল বুলি আপুনি মনতে থিৰাং কৰিবলৈ সম্ভৱপৰ হয়। কাৰণ আপুনি পৰাপক্ষত প্ৰতিটো ক্ষেত্ৰত নিজে অনুমান কৰি চাবচোন যেতিয়া বিৰোধী পক্ষত থকা মানুহজন আপোনাতকৈ যদি বহু শক্তিশালী হয় তেন্তে আপুনি সেই মানুহগৰাকীক লগে লগে আক্ৰমণ বা পতুত্যৰ দিবলৈ বহুবাৰ চিন্তা কৰিব লগিয়া হয়। এতিয়া কথা হ’ল আমাতকৈ দুৰ্বল মানুহক আমি আক্ৰমণ বা অত্যাচাৰ কৰাৰ দৰকাৰ নে দূৰ্বল মানুহৰ প্ৰতি আমি সদায় দয়াৰ ভাব প্ৰকট কৰিব লাগে ? এই কথাখিনিৰ বিচাৰ মই আপোনালোকৰ আগত এৰি দিলোঁ।চাওঁক আমি যেতিয়ালৈকে দুৰ্বল হৈ থাকোঁ ঠিক তেতিয়ালৈকে আমাৰ ওপৰত অত্যাধিক ৰূপত অত্যাচাৰ আৰু আক্ৰমণ চলি থাকিব। এইটো একেবাৰে ধূৰ্বসত্য কথা। সেয়েহে আমি প্ৰতিদিনে সবল,সফল, আৰু সক্ষম মানুহলৈ ৰূপান্তৰ হ’বলৈ চেষ্টা কৰিব লাগে। কাৰণ আপুনি যি যেনেকুৱা পৰিস্থিতিৰ বৰ্তমান সময়ত উপস্থিত আছে তাৰ বাবে সম্পূৰ্ণৰূপে দায়ি‌ কেৱল আপুনিয়েই। অৰ্থাৎ আপোনাৰ কাৰণে হয়তো কেতিয়াবা নিজ পৰিয়াল বা মা,দেউতাকে একোৱেই কৰিবলৈ সক্ষম নহয়। কিন্তু আপুনি যদিহে সুস্থ,সবল মানুহ তেন্তে নিজ আত্ম উত্থানৰ দায়িত্বটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰশীল। আৰু এটা কথা, মানি লৈছো আপোনাক  সবল,সফল আৰু সক্ষম কৰি তুলিবলৈ বহু মানুহে হয়তো ন ন ধৰনে উপদেশ মূলক,উৎসাহ দায়ক মন্তব্য আপোনাক উদ্দেশ্যি প্ৰদান কৰি যাব পাৰে। কিন্তু এজন প্ৰকৃত ৰূপত সবল,সফল আৰু সক্ষম মানুহলৈ পৰিগণিত হ’বলৈ হ’লে নিজে সদায় শাৰীৰিক আৰু মানসিক ৰূপত জীৱন যুদ্ধ অব্যাহত ৰাখিব লাগিব। নহ’লে প্ৰায়বোৰ মানুহে আগতকৈ আৰু অধিক ৰূপত আপোনাৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰিব, লগতে বহুতো মানুহৰ আগত আপুনি হাঁহি আৰু ঠাট্টা দিয়াৰ পাত্ৰ ৰূপে পৰিগণিত হ’ব। সেয়েহে এজন দুৰ্বল মানুহৰ পৰা আপুনি কেনেকৈ নিজকে সবল কৰি তুলিব পাৰে তাৰ বাবে আজিয়ে চিন্তা চৰ্চা আৰম্ভ কৰি দিয়ক। নহ’লে আজি যদি  সময় থাকোতে আপুনি যদি সতৰ্কতা অবলম্বন নকৰে তেন্তে আপুনি অন্যান্য লোকসকলৰ পৰা শাৰীৰিক, মানসিক ৰূপত আক্ৰমণ সহ্য কৰিবলৈ প্ৰস্তুত থাকক।