দুৰ্গা পূজাত সুৰা বিক্ৰীৰে অভিলেখ গঢ়িলে গুৱাহাটীয়ে

PC - Janambhumi

দুৰ্গা পূজাত সুৰা বিক্ৰীৰে অভিলেখ গঢ়িলে গুৱাহাটীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা – শাৰদীয় দুৰ্গোৎসৱত সুৰা বিক্ৰীৰে অভিলেখ গঢ়িলে গুৱাহাটীয়ে।পূজাৰ বাবে দুটা দিন ড্ৰাই ডে’ ঘোষণা কৰাত বন্ধ আছিল সুৰাৰ দোকান।কিন্তু তাৰ পিছতো সুৰা বিক্ৰীৰে অভিলেখ ৰচে গুৱাহাটীয়ে।এই তথ্য সদৰি কৰিছে আবকাৰী বিভাগে।দুৰ্গা পূজাৰ তিনিদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ১৬.৮০ কোটি টকাৰ সুৰা।কেৱল ষষ্ঠীৰ দিনাই ৬.৭৫ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল৷২ অক্টোবৰ সপ্তমীৰ দিনা গান্ধী জয়ন্তীৰ বাবে বন্ধ আছিল সুৰাৰ বিপনী।অষ্টমীৰ দিনা ৩ অক্টোবৰত বিক্রী হয় ৪.৮০ কোটি টকাৰ সুৰা।
আনহাতে নৱমীৰ দিনা ৪ অক্টোবৰত মহানগৰীত বিক্রী হয় ৫.২৫ কোটি টকাৰ সুৰা।দশমীৰ দিনা বন্ধ আছিল সুৰাৰ বিপনী।গুৰুত্বপূৰ্ণ যে,নৱবৰ্ষ, দুৰ্গা পূজা আদি বিভিন্ন উৎসৱ-পাৰ্বণত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে।বিশ্বকৰ্মা পূজাৰ দিনাও গুৱাহাটী মহানগৰত অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হৈছিল।বিশ্বকৰ্মা পূজাৰ দিনটোত গুৱাহাটীত বিক্ৰী হৈছিল মুঠ ৬.২০ কোটি টকাৰ সুৰা।যদিও সুৰা বিক্ৰীৰ ধনেৰে চৰকাৰৰ ৰাজহ ভঁৰাল টনকিয়াল হৈছে,একেসময়তে মহানগৰীখনৰ বাতাৱৰণক লৈয়ো প্ৰশ্ন উদয় হৈছে৷