দুখ
দুখ এনে বস্তু যি সহজতে পায়,
অন্তৰখন ইয়াৰ বাবে ভাগি যায়।
দুখ মানে ঈশ্বৰে লৈছে ধৈৰ্য্যৰ পৰীক্ষা,
একপ্ৰকাৰে ইয়াৰ পৰা পায় জীৱনৰ শিক্ষা।
দুখে কেতিয়াবা বনাব পাৰে ৰত্নাকৰ,
দুখ বেজাৰৰ বাবে এদিনকে লাগে এশবছৰ।
ভাবা! দীপায়নৰ ফালে গতি কৰিছা,
ইয়াৰ বাবে হব লাগিব সত্যবাদি, নকবা কাকো মিছা।
যাৰ দুখ বেছি ভগৱানৰ তাৰ প্ৰতি মৰম বেছি,
ভগৱানে পঠাব জীৱনলৈ এজন দুখহাৰী।
পৰিয়ালৰ দুখ জানো কোনোবাই বুজে,
পৰিয়ালে যে ইমান অসৎ পুত্ৰৰ দুখ সহে
সেউজী ধৰণীৰ দুখ বাৰু কোনে বুজে,
মই ভাৱো কাৰোবাক দুখী কৰি নিজৰ হে দুখ বাঢ়ে।
আচলতে মানুহ সম মূৰ্খ পৃথিৱীত নাই,
আমাৰ বাবে ধৰাখনি জ্বলি-জ্বলি হয় চাই।
নাজানো কিয় মোৰ প্ৰাণে মোৰ অন্তৰে কয় যে,
“তোমাৰ দৰে মূৰ্খ মানুহ কোনোঠাইত নাই”।
সচাকৈ মানুহ হয় প্রকৃত অত্যাচাৰী,
“প্রকৃতি! নকৰিবা দুখ আমিয়েই দুষ্কর্মী”।
আকৌ মোৰ অন্তৰে কিবা এটা কয়,
দুখ থাকিলেও নাযাবা তুমি ৰৈ,নাযাবা তুমি ৰৈ
-নিতিষ্মান দাস
-সপ্তম শ্রেণী