দুঃখবৰৰ ভৰত- মাধুৰী শৰ্মা সভাপণ্ডিত

দুঃখবৰৰ ভৰত

দুঃখবৰৰ ভৰত
বিধ্বস্ত প্ৰহৰ
আশাৰ নাও ছেদেলি-ভেদেলি
তল-সৰা বকুলৰ গোন্ধ ল’বলৈ
এজনো নাই পথিক
ভোকৰ জ্বালাত চকুত জুই
উদং আখলৰ খাজে খাজে শোক
অভাৱৰ তাড়নাত
উটি গৈছে
আৱেগ-ৰং সকলো
বানপানীত বুৰিছে মুধচ
বন্য প্ৰানীবোৰে চেঁকুৰিছে আতংকত
মহামাৰীৰ ত্ৰাসত চিৰালটা
কেনি যাওঁ?
পদূলিয়ে পদূলিয়ে
এন্ধাৰৰ এৰাল।
মিছা কথাৰে নাবান্ধিবা বিতান।
ভগা শেতেলিত শুনাছোন
জৰৌৰোৱা প্ৰজাৰ আটাহ ।

মাধুৰী শৰ্মা সভাপণ্ডিত