দীৰ্ঘদিন ধৰি পলাতক হৈ থকা খালিস্তান সমৰ্থক অমৃতপাল সিঙক গ্ৰেপ্তাৰ

Pc NDTV.com

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা খালিস্তান সমৰ্থক অমৃতপাল সিঙক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দীৰ্ঘদিন ধৰি পলাতক হৈ থকা খালিস্তান সমৰ্থক অমৃতপাল সিঙক গ্ৰেপ্তাৰ । পঞ্জাবৰ মোগা জিলাত গ্ৰেপ্তাৰ কৰা হয় অমৃতপাল সিঙক। পঞ্জাব আৰক্ষীয়ে টুইট কৰি অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ তথ্য সদৰী কৰে।এনএছএ অধীনত অমৃতপালক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। পঞ্জাব আৰক্ষী আৰু ইণ্টেলিজেন্স ব্যূৰ’ৰ যুটীয়া অভিযানত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা হয়। অমৃতপাল বিগত ৩৭ দিন ধৰি পলাতক হৈ আছিল। পঞ্জাব আৰক্ষীয়ে টুইট কৰি কয় যে অমৃতপাল সিঙক আজি মোগা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। লগতে আৰক্ষীয়ে জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায় আৰু কোনো ধৰণৰ ভুৱা খবৰ শ্বেয়াৰ নকৰাৰ নিৰ্দেশ প্ৰদান কৰে। শেহতীয়াকৈ অমৃতপাল সিঙৰ আটাইতকৈ ঘনিষ্ঠ সহযোগী পপ্পলপ্ৰীত সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।