দীপাৱলী- নিতিস্মান দাস

Pc- Jansatta

দীপাৱলী

আহিলে আনন্দৰ দীপাৱলী,

এই উৎসৱত আৰাধিত হয় মা কালী।

অন্ধকাৰৰ পৰা পোহৰলৈ যোৱা হয় এই উৎসৱত,

সকলো ফালে ৰমক-জমক চহৰ গাঁৱত।

সকলোৰে ঘৰত এটা জুটা চাকি,

এই চাকিয়ে অপশক্তি আৰু অন্ধকাৰক ৰাখে ঢাকি।

কিছোঁঘৰত দীপাৱলীত সাজে ৰঙ্গলী,

পোহৰে ভৰে সমগ্ৰ ধৰণী।

নিশাৰপৰত তৰাই জিলিকমিলিক কৰে,

দেৱালী বুলি কলে ভৰে মন আনন্দেৰে।

ভাৰত বুলিয়ে নহয়, পুলকিত হয় মন অন্য দেশৰ,

এই উৎসৱ একমাত্ৰ হৈ আছে অমৰ।

সকলোৰে ঘৰত চাকি বন্তি,

ৰাৱণ বধৰ পাছত শ্ৰীৰাম আহে উভতি।

আধুনিক যুগৰ বিস্ফোৰকে, বায়ু,ধ্বনিৰ প্ৰদূষণ,

গম্ভীৰ হয় ভাৱক, বায়ু প্ৰদূষিত হʼলে কেনেকৈ কৰিম জীৱন পন।

দেৱালীৰ আগত সকলোৱে কৰে বজাৰ,

শিশুসকলে বিস্ফোৰকৰ কৰে অপব্যৱহাৰ।

সমগ্ৰ দেশবাসীৰ মুখত হাঁহিৰে ভৰা,

দীপাৱলীৰ সকলোকে জনালোঁ শুভকামনা।

নিতিস্মান দাস

সপ্তম শ্ৰেণী