দীপাৱলী – আয়নাল হক

দীপাৱলী
আয়নাল হক ,ধুবুৰী 
আন্ধাৰ বিনাশি
পোহৰে সজাইছে
মোৰ ব্যস্ত নগৰী–!
বাহ্
পোহৰৰ উৎসৱ
শুভ দীপাৱলী
অযোধ্যালৈ আহিছে
ৰাম,সীতা,লক্ষ্মণ উভতি
প্ৰজাগণে চাকিৰ পোহৰেৰে
জনাইছে শুভ আদৰণি।
ৰাম বিহীন দুখৰ অযোধ্যা
আনন্দেৰে পৰিল উপচি।
আন্ধাৰবোৰে লাজতে
মুখ ঢাকি আছে উচুপি!
আঁতৰিল তমসা
হাৰি গ’ল আঁউসী–
পোহৰে মোৰ চহৰত
কৰিছে উদুলি-মুদুলি
বতাহত ভাহিছে
এজাক হাঁহিৰ কুৰুলি
চিঞৰি চিঞৰি ক’ম যেন–
Happy Deepawali