দিল্লী আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান ‘আলধৰা দি পাথ অৱ লাইফ’
ৰঙিলী বাৰ্ত্তাসেৱা- দশম দিল্লী আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত ‘আলধৰা দি পাথ অৱ লাইফ’ চুটি ছবিখনে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে। সত্ৰ নগৰী মাজুলী কেন্দ্ৰিক তথ্যচিত্রখন ভবেন হাজৰিকাৰ কাহিনী আৰু পৰিচালনা। এই খবৰটোৱে ছবিখনৰ লগত জড়িত সকলো কলা-কুশলীক উৎসাহিত কৰাৰ লগতে মহাপুৰুষজনাৰ অমৰ সৃষ্টি সত্ৰ বিশ্বদৰবাৰত পুনৰ এবাৰ জিলিকাই তুলিবলৈ সক্ষম হৈছে।সত্ৰীয়া সংস্কৃতিৰ সকলো উপাদান থকা তথ্যচিত্ৰখনৰ গীতত কণ্ঠদান কৰিছে শিশুশিল্পী ত্রিদীপ শইকীয়া, সঞ্জয় বৰা আৰু নতুন কমলাবাৰী সত্ৰৰ বৰগায়ন প্ৰফুল্ল বৰাই। অভিনয় শিল্পীসকল হৈছে শ্রীহৰি বৰা বৰবায়ন, গোবিন বৰা পাঠক, কৰুণা বৰা, সংগীত নাটক একাডেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞা বৰবায়ন, দিলীপ শৰ্মা, চন্দ্ৰ হাজৰিকা, ৰমেশ বৰা, শিশুশিল্পী স্বপ্ননীল হাজৰিকা, অনুৰাগ কলিতা, গোপাল বৰা, কৃ ষ্ণ বৰাসহ বহুকেই জন। কেমেৰা পাপু বৰা, সম্পাদনা ঋষিকেশ দাস আৰু ৰূপসজ্জা সীমান্ত কলিতাৰ আৰু প্ৰযোজনা প্রতিভা বৰাৰ |