দিল্লীৰ বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়ৰ বাবে কেন্দ্ৰক জৰুৰী বৈঠক আয়োজনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় উদ্ভাৱনৰ বাবে এক জৰুৰী বৈঠক আয়োজন কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। মুখ্য ন্যায়াধীশ এন ভি ৰামন নেতৃত্বাধীন এখন খণ্ড বিচাৰপীঠে কয় পৰিবহণ খণ্ড, শক্তি প্রকল্প আদিৰ অনাৱশ্যকীয় নিৰ্মাণ কাৰ্য বন্ধ কৰা আৰু কৰ্মচাৰীৰ বাবে ৱৰ্ক ফ্রম হোম নিয়ম বলৱং কৰা আদিৰ দৰে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰই মঙলবাৰে এক জৰুৰী বৈঠক আয়োজন কৰা উচিত।প্ৰদূষণ ৰোধ কৰিবলৈ সম্পূর্ণ লকডাউন দিবলৈ সাজু বুলি দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ক জানিবলৈ দিছিল।