দিল্লীত ৯ বছৰীয়া শিশু কন্যাক ধৰ্ষণ আৰু হত্যা
অনলাইন বাৰ্ত্তাসেৱা – অভিযোগ অনুসৰি এগৰাকী ন বছৰীয়া ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আৰু দিল্লীৰ পুৰণি নাংগল শ্মশানত তাইৰ পিতৃ-মাতৃৰ সন্মতি অবিহনে তাইৰ শৰীৰটো সৎকাৰো কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীৰ মৃতদেহ শ্মশানৰ পৰা তাই পানী আনিবলৈ যোৱাৰ পিছত উদ্ধাৰ কৰা হৈছিল। আনহাতে, বিদ্যুৎস্পৃষ্ট হৈ ছোৱালীজনীৰ মৃত্যু হোৱা বুলি তাইৰ মাকক শ্মশানৰ পুৰোহিতজনে জনাই। পুৰোহিতজনক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে।
(UD.)