দিল্লীত ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ অনুষ্ঠান কৰাৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ

দিল্লীত ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ অনুষ্ঠান কৰাৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এইবাৰ দিল্লীত ২৫ হাজাৰ বিহুৱা-বিহুৱতীৰ জৰিয়তে বিহু দেখুওৱাৰ আশা মুখ্যমন্ত্ৰীৰ । পুনৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাকে দায়িত্ব দিয়াৰ সিদ্ধান্ত। বিহুৰ কাৰণে খৰচ কৰিলে অসমীয়া মানুহে বেয়া পালে নহ’ব। কাৰণ অসমীয়া মানুহৰ বিহু শুনিয়েই জন্ম হয়, বিহু শুনিয়েই মৃত্যু হয়। গতিকে যিমান খৰচ হয় হওক, কিন্তু দিল্লীত বিহু দেখুৱাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এক জনসভাত উল্লেখ কৰি কয়, ‘মোৰ বহুত আশা আছে ২৫ হাজাৰ এনে বিহুৱা বিহুৱতীক লৈ দিল্লীত বিহু নৃত্য প্রদর্শন কৰা।’ ২০২৬ চনৰ পূৰ্বেই দিল্লীত এনে এটা অনুষ্ঠানৰ আয়োজন কৰাৰ বহু ইচ্ছা আছে আৰু যদি হয়, তেনেহ’লে সমগ্র ভাৰতবাসীৰ চকু থৰ হৈ যাব। নিজৰ জাতিৰ দাপোণস্বৰূপ, স্বাভিমান তথা হিয়াৰ আমঠু, বাপতি সাহোনৰ বাবে যদি আমি দুটকা খৰচ কৰিব লগা হয়, তাত কোনেও বেয়া পাব নালাগে। গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ডিব্ৰুগড় জিলাৰ পৰা অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীসকলক প্ৰমাণ পত্ৰ আৰু চেক বিতৰণ কৰিবলৈ ডিব্ৰুগড়ৰ মানকটা পূজা ফিল্ডত আয়োজিত এক জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে অসমৰ বিহুক এই বছৰতে বিশ্ব দৰবাৰত গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। যোৱা ১৪ এপ্ৰিলত মোদীয়ে একেলগে ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰা বিহু প্রত্যক্ষ কৰাৰ লগতে দেশৰ সকলো সৰু-বৰ চেনেলত অসমীয়া মুগা সাজ-পোছাকেৰে প্ৰদৰ্শিত বিহুৰ পোনপটীয়া সম্প্ৰচাৰ হৈছিল। ইয়াৰ দুদিন পাছত চাইনা হওক বা আমেৰিকাই হওক, সমগ্ৰ বিশ্বতে উক্ত বিৰল মুহূৰ্তৰ ফটো সকলোতে প্ৰকাশ হৈছিল। প্ৰবাসী ভাৰতীয় লোকসকলেও ইয়াৰ ভূয়সী প্ৰশংসা কৰি ধন্যবাদ জনাইছিল। কিন্তু এই চিন্তা ইমান সহজ নাছিল। ১১ হাজাৰ ল’ৰা-ছোৱালীয়ে একেলগ একেসময়তে নৃত্য কৰা, লয়-তাল-মাত্ৰাৰ সন্তুলন বজাই একেসময়তে শেষ কৰা, সকলো নান্দনিক আছিল। কিছুমানে কিন্তু আৰম্ভণিৰে পৰা বিৰোধিতা কৰিছিল । এতিয়া ২৫ হাজাৰ টার্গেট হ’ব। সেই সময়ত ৰাইজ-দর্শকে যথেষ্ট আশীৰ্বাদ দিছিল। যোৱা ১৩ আৰু ১৪ এপ্ৰিলত মানুহে কেৱল টিভিত বিহু চোৱা বুলি মোৰ দৃঢ় বিশ্বাস বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে।তেওঁ পুনৰ কয় যে লাচিত বৰফুকনৰ দিৱস দিল্লীত পালন কৰাৰ পাছৰে পৰা লাচিত বৰফুকনৰ বিষয়ে সমগ্ৰ দেশত যথেষ্ট চৰ্চা হৈছে। সেয়ে সমগ্ৰ দেশৰ লগতে যাতে বিশ্বতে বিহুক লৈ চৰ্চা হয়, তাৰ বাবেই বিহুক দিল্লীলৈ নিয়াৰ পৰিকল্পনাৰ বিষয়েও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী, বিমল বৰা, প্রশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, তৰংগ গগৈ, পোনাকণ বৰুৱা, তেৰছ গোৱালা, অসম গৌৰৱ হেমপ্ৰভা বৰুৱা, পৌৰপতি ডাঃ চৈকত পাত্র, জিলা পৰিষদৰ সভানেত্ৰী ডেইজীৰাণী ফুকন, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মটক স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, নবনীতা সন্দিকৈকে আদি কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।