দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ অসমৰ ৪গৰাকী ছাত্ৰীৰ

Pc Zee News

দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ অসমৰ ৪গৰাকী ছাত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ অসমৰ ৪গৰাকী ছাত্ৰীৰ।১জানুৱাৰীৰ পৰা ৩১জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হ’ব পেৰেড কেম্প।দেশৰ ১০ ৰাজ্যৰ শিক্ষাৰ্থীয়ে এই পেৰেড কেম্পত অংশ ল’ব।দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে।এই কেম্পৰ বাবে কোকৰাঝাৰৰ নেচনেল ইন্সটিটিউট অৱ টেকনলজিত অনুষ্ঠিত হৈছিল বাছনি কেম্প।দিল্লীত অনুষ্ঠিত হ’বলগীয়া মূল পেৰেড কেম্পত অংশ ল’ব অসমৰ মুঠ ৪গৰাকী ছাত্ৰীয়ে।এই পেৰেডত অংশ ল’বলগীয়া নিৰ্বাচিত শিক্ষাৰ্থীসকল হ’ল ক্ৰমে বনশ্ৰী কাকতিৰ লগতে অৰ্হতা, মহৰ্ষি আৰু যুগব্ৰত।