দিপাৱলীত টকা বিচৰাৰ বাবেই পিতৃ আৰু মাহীমাকে মৰিয়াই হত্যা কৰিলে পুত্ৰক

দিপাৱলীত টকা বিচৰাৰ বাবেই পিতৃ আৰু মাহীমাকে মৰিয়াই হত্যা কৰিলে পুত্ৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  টীয়কৰ মেলেং বৰখেলীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।মাহীমাক আৰু পিতৃৰ হাতত প্ৰাণ গল পুত্ৰৰ।হত্যা কৰি পুত্ৰৰ মৃতদেহটো পুতি থ’লে শৌচাগাৰৰ গাঁতত।ঘটনা অনুসৰি, দিপাৱলী উদযাপনৰ বাবে পুত্ৰ কাকুমণি বৰাই মাহী মাক সৰু মাই দত্ত বৰা,পিতৃ ফণীধৰ বৰাক বিচাৰিছিল ১০ হাজাৰ টকা।যাৰ বাবে ৩১ অক্টোবৰৰ নিশা পিতৃ আৰু মাহীমাকে কাকুমণিক ফলীয়া বাহঁৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷ হত্যা কৰাৰ পাছত যুৱকজনৰ মৃতদেহতো শৌচাগাৰৰ গাঁতত পুতি থয়।জানিব পৰা মতে, বৈঠালাংছত নিৰুদ্দিষ্ট হোৱা আৰক্ষী জোৱান ৰিতু বৰাৰ ভাতৃ আছিল কাকুমণি বৰা৷ ঘটনা পোহৰলৈ অহাৰ পাছতেই লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা,পিতৃ ফণীধৰ বৰাক আটক কৰে৷আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷