দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২বৰ্ষৰ বঁটা ঘোষণা গুৱাহাটী 

pc the sentinel assam

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২বৰ্ষৰ বঁটা ঘোষণা গুৱাহাটী 

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা সমুহ আজি ঘোষণা কৰা হ’য় । প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে আজি এক বিবৃতি যোগে প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকলৰ নাম সমুহ ঘোষণা কৰে। উল্লেখ্য যে – ৰাজ্যখনৰ সাংবাদিকতা , সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া , ৰাজনীতি , সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা ব্যক্তিসকলোক সন্মান জনোৱাৰ উদ্যেশে তথা তেওলোকক প্ৰেৰণা দিয়াৰ অৰ্থে দিছপুৰ প্ৰেছ ক্লাবে বিগত কিছু বছৰ ধৰি এই বাৰ্ষিক বঁটা প্ৰদান কৰি আহিছে । চলিত বৰ্ষত প্ৰেছ ক্লাবে বিভিন্ন শিতানত মুঠ ২৮ জন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে ।
দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বঁটা প্ৰাপকসকল হ’ল ক্ৰমে – সম্পাদক বঁটা ২০২২
প্ৰণয় বৰদলৈ, মুখ্য সম্পাদক, ডি এ নিউজ প্লাচ,যুৱ সম্পাদক বঁটা ২০২২ বিশ্বজিৎ দাস, কাৰ্যবাহী সম্পাদক, অসমীয়া খবৰ, সংবাদ গৌৰৱ বঁটা ২০২২
লং সিং টেৰণ, মুখ্য সম্পাদক, থেকাৰ,সাংবাদিকতা বঁটা ২০২২ চেমিম চুলতানা আহমেদ
জ্যেষ্ঠ সাংবাদিক, দৈনিক অগ্ৰদূত,হেমন্ত মজুমদাৰ
জেষ্ঠ সাংবাদিক, নিয়মীয়া বাৰ্তা,হেমেন বৰ্মন
জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্ৰতিদিন, সঞ্জয় ৰয়
জ্যেষ্ঠ সাংবাদিক, দ্য আসাম ট্ৰিবিউন,অহিদুৰ ৰহমান খান (বাবা খান ) নিউজ লাইভ, ফটো সাংবাদিকতা বঁটা২০২২
গুনমনি শৰ্মা, জ্যেষ্ঠ ফটো সাংবাদিক ইউ বি ফটোজ,ভি ডি ও সাংবাদিকতা বঁটা ২০২২বিপুল মজুমদাৰ,জ্যেষ্ঠ ভিডিও সাংবাদিক, প্ৰতিদিন টাইম, ক্ৰীড়া সাংবাদিকতা বঁটা ২০২২, পাৰ্থ চক্ৰৱৰ্তী, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, দ্য ছেণ্টিনেল,নিউজ এংকৰ বঁটা ২০২২ হিমাশ্ৰী কলিতা, নিউজ এংকৰ, এন ডি ২৪,সাংবাদিক সংগঠক কল্যাণ বঁটা ২০২২
আব্দুল মালেক আহমেদ, জাফা ( এন কে টিভি ), জনহিতৈষী আৰক্ষী বঁটা ২০২২পাৰ্থ সাৰথি মহন্ত, যুটীয়া আৰক্ষী আযুক্ত , কামৰূপ মহানগৰ, সমাজহিতৈষী বঁটা ২০২২শংকৰ দাস , বিশিষ্ট সমাজ সেৱক, গৱেষক পণ্ডিত,জীৱন সঞ্জীৱনী বঁটা ২০২২ ডা: অচ্যুত চন্দ্ৰ বৈশ্য , অধ্যক্ষ জি এম চি এইচ,  কৰ্মযোগী বঁটা ২০২২
দিগন্ত কলিতা, বিধায়ক, কমলপুৰ, জন সেৱা বঁটা ২০২২ মনোজ শইকীয়া , অধ্যক্ষ , পশুধন আৰু হাঁহ কুকুৰা পালন নিগম, যুৱ ৰাজনীতিক বঁটা ২০২২
গীতাৰ্থ গোস্বামী, সদস্য সচিব, ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদ , উদ্যোগী বঁটা ২০২২-প্ৰতাপ শইকীয়া , যুৱ উদ্যোগী, অভিনেত্ৰী বঁটা ২০২২আইমী বৰুৱা , জনপ্ৰিয় অভিনেত্ৰী,অভিনেতা বঁটা ২০২২কমল লোচন
জনপ্ৰিয় অভিনেতা, উদীয়মান কণ্ঠশিল্পী বঁটা ২০২২ৰিচা ভৰদ্বাজ, জনপ্ৰিয় কণ্ঠশিল্পী, সাহসী বঁটা ২০২২
সিদ্ধাৰ্থ বৰুৱা , বীৰ লাচিত সেনা,যুৱ বন্ধু বঁটা ২০২২
অতুল ৰায় , কাৰ্যবাহী পাৰিষদ, কেএচি,সম্প্ৰীতি বঁটা : আব্দুল হামিদ ধৰ্মীয় সংখ্যালঘু খিলঞ্জীয়া নেতা, প্ৰগতি বঁটা ২০২২ এল এচ মদন উপ মহা প্ৰৱন্ধক তথা মণ্ডল বিকাশ অধিকাৰী, এচ বি আই ,জ্ঞান জ্যোতি বঁটা
ড° জাকিৰ হুছেইন সম্পাদক, দৈনিক গণ অধিকাৰ সঞ্চালক, এন ই এফ আইন মহাবিদ্যালয়৷অহা ১১ ছেপ্টেম্বৰত দিছপুৰৰ লাষ্টগেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হ’ব বুলি বিবৃতিত প্ৰকাশ ।