দাদা ভণ্টিৰ কথোপকথন- জেফলিন চুলতানা ,নগাঁও

pc unplash
দাদা ভণ্টিৰ কথোপকথন
দাদা – হেল্ল , মাইনা
ভণ্টি – হুমম
দাদা – কি কৰি আছ ? খবৰ ভালনে তোৰ ?
ভণ্টি –  তাই ভঙা মাতেৰে …..এনেই কিবা কিবি কৰি আছোঁ আৰু , অ মোৰ খবৰ ভাল ।   তোমাৰ খবৰ কেনেকুৱা ?
দাদা – আছোঁ দে কোনোমতে ।
ভণ্টি – কোনোমতে কিয় ? তাত তোমাৰ ভাললগা নাই নেকি দাদা ?
দাদা – নহয় অ মাইনা , কোনোমতে নকৈ কি বুলি কম তোৰ ভঙা মাত জানো মোৰ সহ্য হয় !
ভণ্টি – কেতিয়ানো মই ভঙা মাতেৰে কথা পাতিলো , মই
দেখোন  হাঁহি হাঁহি কথা পাতি আছোঁ তোমাৰ লগত ।
দাদা – মিছা নামাতিবি মোৰ আগত । কি হৈছে ক ? মা-দেউতাই কিবা কৈছে নে তোৰ বন্ধু-বান্ধৱীৰ লগত কিবা হৈছে ?
ভণ্টি – নাই অ দাদা ….একো হোৱা নাই । কোনেও মোক একো কোৱা  নাই । এনেই অলপ মন বেয়া ।
দাদা –  এনেইতো তোৰ মন বেয়া নাথাকে । মাইনা শুন না…….
ভণ্টি – অ কোৱা ……
দাদা – Sorry Sorry Sorry …..Really I’m very sorry তোক এনেকে ক’ব নালাগিছিল যদিও মই মোৰ সিন্ধান্তত অটল ।‌ বেয়া নাপাবি ।
                তাই তাইৰ দাদাৰ এনে ধৰণৰ কথাত আবেগিক হৈ কান্ধিব ধৰিলে , আৰু সময়ক দোষাৰোপ কৰিলে ‌কিয়নো  কিছুমান আচৰণ তাইৰ দাদাই  জানি শুনি কৰা বুলি তাইৰ বৰ দুখ লাগিছিল ।  কিছু গোপনীয়তা তাই বজাই ৰাখে কাৰণে তাইক তাইৰ দাদাই বৰ বেছি ভাল পোৱা ‌নাছিল ।
           অভিমান , খঙৰ মাজত কেইবাদিনো গ’ল । ইফালে তাইৰ পৰীক্ষা আহি পালে । কলেজৰ মাহেকীয়া আৰু নামভৰ্তিৰ  কিছু মাচুল দিবও বাকী আনফালে তাইৰ দাদাৰ লগত তাইৰ জেং ।‌নালাগিব কিয় ……!! তাইক তাইৰ দাদাই নাম ভৰ্তিৰ সময়ত পোন্ধৰ হেজাৰ টকা দিছিল তাৰ বিপৰীতে তাই কলেজত মাত্ৰ ন হাজাৰ দিছিল । বাকী পইচাখিনী হিচাপ বিচৰাত তাই দিব পৰা নাছিল । আচলতে তেনেকুৱা নহয় তাই জানি বুজি দিয়া নাছিল । কাৰণ সেই পইচাখিনীৰে হেনো তাই কিবা গোপন কামত লগাইছিল । আচৰিত কথা নহয়নে বাৰু ….!! তাই কেতিয়াবা ভাবে এনেবোৰ কথা মই দাদাৰ আগত কেনেদৰে ক’ম …!! যাৰ কাৰণে তাই কোৱা নাছিল । আৰু সেই পইচাখিনীৰ হিচাপ দিব নোৱাৰিলে হেনো তাইক তাইৰ দাদাই আৰু কলেজৰ বাবত কোনো এক টকাও নিদিয়ে । এই কথাত অটল বুলি তাইক তাইৰ দাদাই আগতেই জনাই দিছিল  । কিন্তু কথাখিনি ইমানেই গোপনীয় আছিল যে তাই কোনো মানুহৰ লগত একো ক’বও নোৱাৰিছিল । ইফালে  পালিত সন্তান বুলি মাক -দেউতাকেও তাইৰ দায়িত্ব এৰিলে তাতে দাদাও তেজৰ সম্পৰ্কৰ নহয় । এইখন পৃথিৱীত তাইৰ নিজৰ বুলিবলৈ কোনো নাই । ছবেই আপোন হোৱাৰ অভিনয়হে কৰে । কেতিয়াবা মৰমৰ ভিক্ষাৰী বুলি চিঞৰি কান্দেও । কিন্তু  যান্ত্ৰিকতা যুগৰ  এই মানুহবোৰে বুজিব জানো তাই যে মৰমৰ ভিক্ষাৰী ।
            এনেদৰে আৰু কিছুদিন গ’ল । তাইৰ পৰীক্ষাও আহি পালে  । তাইৰ দাদাও তাইক পইচা নিদিয়াত কলেজৰ  মাচুলখিনি দিব নোৱাৰিলে ইফালে ছাৰ – বাইদেউ সকলৰ লগত তাইৰ কথা হৈছিল যদিও পৰীক্ষা দিব মানা কৰা নাছিল কিন্তু কলেজৰ নিয়ম ভংগ কৰিব নোৱাৰে বুলি তাইক জনাই দিলে । তাই প্ৰায়ভেট এটা চাকৰিৰ কাৰণে বহু চেষ্টা কৰিও নাপালে । তেতিয়া তাই যেন  মানসিক ৰোগীলৈ পৰিবৰ্তিত হ’ব ধৰিছিল  আৰু দুচকুৰে যেন চকুলোৰ সাগৰ বৈ গৈছিল । তাইৰ পৰীক্ষাও দিয়া হোৱা নাছিল , কলেজ যোৱাও এৰিলে কাৰণ কলেজলৈ যোৱা বুলি ক’লেও পইচাৰ কথা আহি পৰে ।
               ইয়াৰ দ্বাৰা বুজা গ’ল যে আমি অত্যন্ত জেদী হ’ব নালাগে আৰু যদি কিবা বেয়া কামো কৰোঁ অন্ততঃ নিজৰ পৰিয়ালৰ সদস্যৰ পৰা কেতিয়াও লুকাব নালাগে । যদি এনে কৰোঁ হয়তোবা আমি আমাৰ  জীৱনত শিক্ষাৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ ক্ষেত্ৰতো বহুত ডাঙৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ম আৰু বহুত ভাল সম্পৰ্কও নষ্ট হৈ যাব পাৰে । গতিকে নিজৰ পৰিয়ালৰ সদস্যৰ পৰাও কোনেও যাতে গোপনীয়তা বৰ্তাই নাৰাখে । কাৰণ তেখেতসকলে আমাক নিশ্চয় কিবা সমাধানৰ পথ ওলিয়াই দিব । গতিকে কোনোৱে যাতে এনে নকৰে তাকে আহ্বান জনালোঁ ।
                     ✍️জেফলিন চুলতানা
                      ধিং বৰী পথাৰ (নগাঁও)