দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ গীত মাতৰ গধূলি

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ গীত মাতৰ গধূলি

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান “গীত-মাতৰ গধূলি,২০২৩” ১১ নৱেম্বৰত অতি উলহ-মালহেৰে গুৱাহাটীৰ গণেশপাৰা খেলপথাৰত অনুষ্ঠিত হয়। বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা নানাৰঙী সাংস্কৃতিক অনুষ্ঠানে বিশিষ্ট অতিথিৰ লগতে উপস্থিত অভিভাৱকক আপ্লুত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ‍্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিশিষ্ট বাদ‍্যযন্ত্ৰী শিল্পী নিৰ্মল দাসে। প্ৰত‍্যেক বছৰৰ দৰে এইবাৰো বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট ব‍্যক্তিক শিল্পী-সম্বৰ্ধনা জনোৱা হয়। এইবাৰ ২০২৩ বৰ্ষৰ ‘ শিল্পী-সম্বৰ্ধনা ‘ জনোৱা হয় অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট কন্ঠশিল্পী সমৰ হাজৰিকাক। বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত আলোচনী ‛সৃষ্টি’ (চতুৰ্দশ সংখ্যক) উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ তৰণী চৌধুৰীয়ে। এইবাৰৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ আৰু অভিনেতা ধীৰেন ভট্টাচাৰ্য, বিশিষ্ট আবৃত্তিকাৰ গকুল বৰুৱা, জি.এম.ডি.এ ৰ উপাধ‍্যক্ষ মুকুতা ডেকা আৰু ১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী।