তোমাৰ শব্দবোৰত পৃথিৱীৰ সকলো চৰাই গান-মৃগাংক বৰুৱা

Pc- Lifehack

তোমাৰ শব্দবোৰত পৃথিৱীৰ সকলো চৰাই গান

তোমাৰ জোনাক পিছল দেহাত জিলিকে
আমোলমোল গীতৰ গধূলি এটি
যি ভিক্টোৰিয়াৰ নিশাৰ দৰে ধুনীয়া
তোমাৰ শব্দবোৰত
পৃথিৱীৰ সকলো চৰাই গান
তোমাৰ হিয়াৰ
অনুভবি বাঢ়নী পানী, বালিছৰত
বালিছন্দাৰ জিলিকণি
সেয়ে, খহি পৰিব খোজে
আকাশৰ সকলো নক্ষত্ৰ তাত…
আৰু মই ???
মই গঢ়িব খোজো তোমাৰ হৃদয়ত
মহাকাব্যিক অৰণ্য এখন
সিঁচি দি তাতে চিৰ’সেউজ বীজ
যি বীজৰ নাম ‘জীৱন’
মৰমৰ বৰষুণে যাক কৰিব জীপাল
তেতিয়াই অনুভৱৰ নৈখনেও
বাগৰ সলাই হ’ব সাগৰ
মনাকাশৰ তৰাবোৰো হ’ব বাখৰ…

মৃগাংক বৰুৱা