“তোমাৰ বিদায় দিছো” — ৰূপালী মহন্ত, দেৰগাওঁ

“তোমাৰ বিদায় দিছো”

তোমাক বিদায় দিয়াৰ
অপ্ৰত্যাশিত অপ্ৰতিৰোধ্য ক্ষণ
কিমান বেদনা দায়ক
বছৰ মাহ দিন ঘণ্টাৰে জীৱনৰ আশীৰ্বাদ দি
সদ্যৰূপা কৰি গ’লা
তোমাৰ লগত কটোৱা সময়ত
আকাশখন পোহৰ হৈ আছিল
তৰাবোৰৰ জিকমিকনিত
চকুযুৰি সজল হৈ স্বপ্নৰ ছবি আঁকিছিল
প্ৰস্ফূটিত ফুলবোৰৰ ৰঙৰমেলাই
মৰমৰ চুমাৰে সোণালী পৃথিৱীখনত
আবেগৰ জোৱাৰ তুলিছিল।
সম্প্ৰীতিৰ মালাধাৰীৰে কণ্ঠ শুৱনি কৰি
মন-প্ৰাণ মতলীয়া কৰিছিলা।
চেনেহৰ হিয়াখনত পশ্চিমৰ বা-লাগি
অন্তৰংগ শব্দ মধুৰ মিঠা আলাপত
আমি আপোন পাহৰা হৈছিলোঁ
পানীত পখালি থকা চৰাইৰ আলিংগনৰ
আবেগৰ বা-ছাটিত কঁপি উঠিছিল
গোপন হৃদয়ৰ বাসনা
পৰাজয় অৱহেলা জীৱনৰ হা-হুতাস তোমাৰ অভিধানত
নথকা শব্দ
কাৰণ তুমি অপৰাজেয়।
আপোন জনক হেৰুৱাৰ বেদনাত
ৰূপালী অশ্ৰুকণা
সান্ত্বনাৰ নাই একো শব্দৰে সমাধান।
তোমাক লগত লৈ কিমান যে অনাহুত
অশ্ৰুতপূৰ্ব শব্দ কথাৰ ফুলজাৰী
ভাৰাক্ৰান্ত চিন্তাই চেপি ধৰিছিল
তথাপি দেও দি পাৰ হ’ব নোখোজো।
যন্ত্ৰণাৰ চোকা অস্ত্ৰপাত ওফোৰাই
ভদ্ৰ সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি আমাৰ!
প্ৰত্যাহ্বান অশ্লীল, অকল্পনীয় অবাস্তৱ অসহিঞ্চুৱে
হাড়লৈকে কঁপাই তুলিছিল
বিদায় জীৱনৰ অন্তিম শব্দ সাক্ষী
হৃদয় ভেটাৰে ৰুধিব পাৰে
তথাপি উচুপি উঠিছে হৃদয়ে
তোমাকযে এৰিবই লাগিব
সময়ৰ আহ্বান
মাথো এপৰ এৰাতিৰ পিছত
তুমি গুছি যাবা নতুন বাস্তৱৰ সফুঁৰা লৈ
তুমি আমি হৈ পৰিম অতীত
জীৱনৰ নাওখনৰ সুঁতিত বহুদূৰ আগুৱাই
আহিলো
তোমাক আকৌ লগ পাম নতুন চিন্তাত
এইবাৰ নকৈ সজাই -পৰাই ৰাখিম
বিদায় দিলোঁ ঘুৰিতো নাহা কোনোদিন
উভতিও নোচোৱা
যোৱাগৈ আৰু নৰ’বা
তোমাৰ সময় বহুত কম
বহু আকাংক্ষিত নৱ সুৰুজৰ
পোহৰক আদৰিম আমি
শুভ শান্তিৰ আশালৈ
শুভ নৱবৰ্ষ।

ৰূপালী মহন্ত
দেৰগাওঁ