তোমাৰ বাবেই আছোঁ জীয়াই – এছ ইছলাম শিক্ষক

PC - Shutterstock
তোমাৰ বাবেই আছোঁ জীয়াই
এছ ইছলাম, শিক্ষক, বৰপেটা
ডাৱৰীয়া আকাশ            নাই ৰবিৰ দেখা
মাৰে বিজুলী-ঢেৰেকনি,
এক বিষাদময়                 বেদনাই মোৰ
খুলি খায় হৃদয় খনি।
তথাপি তোমাক                   নোৱাৰোঁ ক’ব
ভাল পাওঁ বুলি মই,
এই ধৰণীত                     তোমাৰ বাবেই
আছোঁ মাথোঁ জীয়াই।
নীলিম আকাশ                মেঘাচ্ছন্ন বতৰ
নামে বাৰিষাৰ ঢল,
জিৰি জিৰিকৈ                বৈ যায় সাগৰলৈ
প্ৰেম যমুনাৰ জল।
মেঘাচ্ছন্ন আকাশৰ                 মেঘ আঁতৰাই
তুমি দিবানে দেখা,
মোৰ হৃদয়ত                সূৰুযৰ সাতৰঙী
ভৰাই কিৰণ ৰেখা ?
আহিবানে তুমি                  মোৰ জীৱনলৈ
এটি নতুন সূৰুয হৈ,
জীৱনৰ এটি                   ৰঙীন প্রভাতলৈ
থাকিম তোমালৈ ৰৈ।