তৃণমূল কংগ্ৰেছে কোনো সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই 

Pc Wikipedia

তৃণমূল কংগ্ৰেছে কোনো সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই 

ৰঙিলী বাৰ্ত্তাসেৱা– কোনো কোনো সংবাদমাধ্যমত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকা এখন প্ৰকাশ হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে ৷ আমি স্পষ্টকৈ জনাব বিচাৰিছো যে অসম তৃণমূল কংগ্ৰেছ দলে অসমত লোকসভাৰ ৫ খন আসন বিচাৰি ‘ইণ্ডিয়া’ নেতৃত্বৰ ওচৰত আবেদন কৰিব ৷ আৰু কোন দলে কোনটো লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব সেয়া আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই “ইণ্ডিয়া ” নেতৃত্বৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লব ৷ গতিকে কোনো কথা চূড়ান্ত নোহোৱাকৈ অসম তৃণমূল কংগ্ৰেছ দলে সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ প্ৰশ্নই নুঠে ৷ এই তালিকা কোনোবাই প্ৰকাশ কৰি বিৰোধী মহাজোঁটত ভাঙোন আনিবলৈ বিচৰা এক চক্ৰান্ত। আমি বিৰোধী মহাজোঁট “ইণ্ডিয়া” ৰ অংশীদাৰ যিহেতু মহাজোঁট হিচাপেহে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিম ৷