তুমি যদি কবি হোৱাহেঁতেন – শ্বহিদুল ইছলাম

PC Become a Writer Today
তুমি যদি কবি হোৱাহেঁতেন
শ্বহিদুল ইছলাম
তুমি যদি কবি হোৱা হেঁতেন
ধৰণীখন স্বৰ্গলৈ হ’লহেঁতেন পৰিবৰ্তন
প্ৰকৃতিৰ দলিচাত বহি দুয়োজন
একেলগে বসুমতীৰ গীত গালোঁহেতেন।
তুমি যদি কবি হোৱাহেঁতেন
সৌন্দৰ্য উপভোগ কৰিলোহেঁতেন
দুয়োজনে বহি বহি শেৱালিৰ তলত
প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বসন্তৰ বতৰত।
তুমি যদি কবি হোৱাহেঁতেন
আহিনৰ চিপচিপিয়া বৰষুণত
একেলগে দুয়োজন তিতিলোহেঁতেন
উতলা যৌৱনৰ পয়োভৰত।
তুমি যদি কবি হোৱাহেঁতেন
বসন্তৰ আগমনত ফাগুনীবাইৰ লগত
কুলি-কেতেকীৰ দৰে মনোমোহা
সৰাপাতৰ গীত গালোঁহেতেন।
তুমি যদি কবি হোৱাহেঁতেন
লুকা-ভাকু খেলিলোহেঁতেন
জোনবাইৰ দৰে তৰাৰ লগত
এটুকুৰা ক’লা মেঘৰ আঁৰত।
তুমি যদি কবি হোৱাহেঁতেন
ইজনে সিজনৰ মনপৰশা
গীত গালোঁহেতেন
ভাল পালোহেঁতেন তোমাক সৰ্বক্ষন।