তুমি এখনি উপন্যাস – চাহিল

তুমি এখনি উপন্যাস

চাহিল

তুমি
এখনি উপন্যাস ..
এখনি প্ৰেমৰ উপন্যাস ।
উমাল বুকুৰ ৰঙা খিনিৰে ৰঙীণ
বেটুপাত তোমাৰ ..
জীপাল কাহিনীৰে আৱৰা প্ৰতিটো
উন্মাদ পৃষ্ঠা তোমাৰ ..
তোমাৰ বুকুত ৰচা প্ৰতিটো শব্দৰ
ভাঁজত প্ৰেমৰ আবিৰ ।
এমুঠি সময় হাতত লৈ বুৰ যাওঁ
যেতিয়া তোমাৰ আৱেগৰ সৰোবৰত ,
তোমাৰ অনাবিল পানীৰ স্পৰ্শই
মচি পেলায় দিনটোৰ গোটেই ক্লান্তি ।
কেতিয়াবা তোমাৰ নিভাঁজ পৃষ্ঠাবোৰৰ
মাজত হৈ পৰে মোৰ সন্ধিয়া ব্যস্ত ..
থমকি ৰওঁ কেতিয়াবা তোমাৰ
গভীৰতাক জুখিব গৈ ..
কিজানিবা হৈ পৰো নিৰুদ্দেশ
তোমাৰ বিশাল দুবাহুৰ মাজত ..।