তুমি অবিহনে – সত্যজিৎ গগৈ

PC - Adobe Stock
তুমি অবিহনে
সত্যজিৎ গগৈ,
নাহৰকটীয়া, ডিব্ৰুগড়
তুমি অবিহনে পাৰ হ’য়
বিষণ্ণ সময়বোৰ
জোনাকৰ ভাললগা কোমল সন্ধিয়াবোৰ
একো একোটা আঁউসীৰ নিশা
চাৰিওফালে মাথো উদাসীন শূন্যতা
বাৰে বাৰে আউল লগাই
অতীতৰ সোণালী দিনবোৰে,
তুমি অবিহনে
শুকান বুকুখনত বিষাদবোৰেও
হাঁহাকাৰ কৰি উঠে
অসহনীয় জীৱনৰ যন্ত্ৰণাত
প্ৰতিটো নিশাই সেমেকি উঠে
শিতানৰ গাৰু,
তুমি অবিহনে
কলিতেই মৰহি গ’ল
সোণাৰু ফুলীয়া হেঁপাহবোৰ
সেয়েহে তোমাক আজি মতলীয়া নকৰে
হাচনাহানাৰ সুবাসে…।।