তুমিহীনা মোৰ বাৰ্থ ডে- কাজি শ্বাহাদত ইছলাম

Pc Freepik
তুমিহীনা মোৰ বাৰ্থ ডে
তুমি নাই,
নাই জীৱনৰ বাৰ্থডে কিম্বা ডেথ্ ডে…!!
তুমিহীনা জীৱনৰ প্ৰতিটো বাৰেই এতিয়া লাষ্ট ডে…!!
সুখী হোৱা কাজলপ্ৰিয়া তোমাৰ চহৰত,,
মই নামৰ ধ্ৰুৱতৰা আৰু কাহানিও নোলায়
আৰু কেতিয়াও তোমাৰ হৃদয়ৰ আকাশত..!!
সৰগৰ পৰিধি নেওচাৰ হাবিয়াসে তোমাৰ
শালীনতাৰ পৰিধি পাহৰি নাযাওক।।
মই নোকোৱাকৈয়ে তুমি জানিছিলা
তুমিহীনা মই এটি জীৱন্ত লাচ,,
মিছা অজুহাতৰ পাহাৰ গঢ়ি
পৰৰ বুকুৰ মাজত আজি তুমি বিন্দাচ।।
তুমি নাই,
কিহৰ প্ৰয়োজন আকৌ চৈধ্য ফেব্ৰুৱাৰী,,
হাগ ডে,ৰৌজ ডে,কিছ ডে, টেডি ডে,ভেলেন্টাইন ডে
সকলো এতিয়া মোৰ বাবে অদৰকাৰী।।
কাজি শ্বাহাদত ইছলাম