তিনিচুকীয়াৰ ডুমডুমাত শিহৰণকাৰী হত্যাকাণ্ড

Pc Scroll.in

তিনিচুকীয়াৰ ডুমডুমাত শিহৰণকাৰী হত্যাকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ আন এক জঘণ্য হত্যাকাণ্ড সংঘটিত হৈছে ৰাজ্যত।ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘাতৰ পৰিণতিত ভতিজাকৰ দাৰ ঘাপত মৃত্যু হ’ল পিতা-পুত্ৰৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লংছোৱালৰ ১২নং আঠাই বস্তিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ বাসগৃহৰ ভিতৰতে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে দুয়োজন ব্যক্তিক। মূল অভিযুক্ত গধ মুড়া নামৰ লোকজনক ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিছে।জানিব পৰা অনুসৰি,গধ মুড়াই আন কেইবাজনো লোকৰ সহযোগত সংঘটিত কৰিলে এই হত্যাকাণ্ড। এই বিষয়ে তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে। ইফালে এই ঘটনাৰ বিষয়ে জানিব পৰাত স্থানীয় লোকে আটাইকেইটা হত্যাকাৰীক কৰায়ত্ত কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰে। ইয়াৰ পাছতে ডুমডুমা আৰক্ষীয়ে তেওঁলোকক আটক কৰে।