তিতাবৰ-নিতিষ্মান দাস

PC-Axomiyahahitiyarsaneki

তিতাবৰ

যোৰহাটৰ পৰা বিশ কিলোমিটাৰ দূৰত মোৰ মৰমৰ চহৰ,

এয়ে মোৰ আপোন আৰু জনমভূমি তিতাবৰ।

নাগালেণ্ডৰ সীমাৰ ওচৰতে এখন সেউজীয়া ঠাই,

সকলো ধৰ্ম জাতীৰ মিলন, যেন ককাই ভাই।

শৈশৱত মই ইয়াতে কৰিছিলোঁ খেল-ধেমালি,

খেলিছিলোঁ বহুতো খেল সমনীয়াৰ সৈতে হাঁহি।

পৌৰাণিক নাম আছিল হেনো বচা চহৰ,

তিতাৰামৰ বৰ গছৰ পৰা হেনো নাম হ’ল তিতাবৰ।

পাহাৰ ভৈয়াম একে কৰা এখনি মৰমৰ ঠাই,

সচাকৈ এনে ঠাই মই কতো দেখা নাই।

ব্ৰিটিছে তাহানিতে ৰেলৰ কৰিছিল স্থাপন,

সৰু-সৰু সন্তানেৰে আমি প্ৰতিজন।

মিহিৰাম শইকীয়া উচ্চ বিদ্যালয়, এখনি জ্ঞানৰ ঠাই,

নন্দ নাথ শইকীয়া মহাবিদ্যালয়ে জ্ঞান, আৰু বিয়পাই।

আছে অন্য বিদ্যালয় যেনে প্রাগজ্যোতিকা,

সকলো বিদ্যালয়ে শ্রেষ্ঠ আৰু দেখুৱাই প্ৰকাশ হেঙুলীয়া।

তৃতীয় অসম আৰক্ষী বাহিনীৰ আছে মুখ্য কার্যলয়,

ইয়াতে আছে এখনি নবোদয় বিদ্যালয়।

ৰজাই দিছিলে ইয়াত বহুতো সাত পাম,

ইয়াতে আছে এখন মুগা পোহা ফার্ম।

ইয়াতে আছে কমলাবাৰী সত্ৰখনি,

সেউজীয়া পাতেৰে চাহ বাগান থাকে হালি জালি।

কৃষি গৱেষণা কেন্দ্ৰই নাম আৰু উজ্জ্বলাই,

ধাননি পথাৰে ভৰপূৰ, মোৰ মৰমৰ ঠাই।

উলাহেৰে উৰি ফুৰে জাক-জাক চৰাই,

ওচৰতে আছে বৰহোলা নামৰ এখনি ঠাই।

তৰুণ গগৈ দেৱেও ইয়াতে লভিছিল জনম,

উজ্জ্বলালে তিতাবৰৰ নাম আৰু গঢ়িলে অসম।

আছে তিনি আলি, ন-আলি আৰু চাৰি আলি,

সবাটোতকৈ উচ্চ মোৰ জনমভূমি।

আগতকৈও তিতাবৰ উন্নত হৈছে,

শিক্ষাৰ ক্ষেত্ৰতো তিতাবৰ আগ বাঢ়িছে।

ক্রীড়াৰ ক্ষেত্ৰতো এখন বিশাল ষ্টেডিয়াম আছে,

বহু খেলুৱৈয়ে তিতাবৰৰ গৌৰৱ আনিছে।

দেও নামঘৰ আছে আৰু, আঠখেলীয়া নামঘৰ,

এয়ে মোৰ আপোন আৰু মৰমৰ তিতাবৰ।

তিতাবৰৰ মাজেদি গৈছে তাহানিৰে ধোদৰ আলি,

ধানৰ ভঁৰাল হামলৈ আৰু বচা পথাৰখনি।

ইয়াত কোনো বস্তুৰে অভাৱ নাই,

এয়ে মোৰ আপোন আৰু মৰমৰ ঠাই।

তিতাবৰ,

তিতাবৰ।

-নিতিষ্মান দাস

সপ্তম শ্রেণী