তমসা ৰাতি – ৰুমী কলিতা দত্ত

PC - iStock
 তমসা ৰাতি
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
এই তমসা ৰাতি
নাজানো সেউজীয়াবোৰৰ মাজত
আছেনে সজীৱতা ?
কাঁইটেৰে গঢ়ে এটি সমন্ধ দোপালপিতা  বৰষুণজাকে,
পল-অনুপল দুচকুৰ জলাশয়ত উতপ্ত সোঁত
মেৰু পৰ্বতৰ এজাক ডেউকা ভগা পক্ষী !!
মোৰ ওঁঠৰ হাঁহিত
বিজুলীৰ পোহৰ
যৌৱনৰ প্ৰভাতী বেলাত
পৃথিৱীৰ বুকুত পূৰ্ণিমা,
কুঁৱলীৰ স’তে মধুময় ছন্দত
সভ্যতাৰ ভেটি গঢ়ে
সুখ-দুখৰ সমষ্টিৰে অহৰহ ৰূপেৰে।