তপন কুমাৰ গগৈৰ হৈ নাজিৰাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
যদুমণি হাজৰিকা ,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ এক কাৰ্য্যসূচী লৈ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ৬ এপ্ৰিলত নাজিৰাত উপস্থিত হয় । চৰকাৰে আগবঢ়োৱা হিতাধিকাৰী আঁচনিৰ গুৰুত্ব মুখ্যমন্ত্ৰীয়ে পুনঃ ব্যাখ্যা কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে দেশত কোনো সময়তে আনে চিন্তা নকৰা এক আঁচনি হিচাপে এইবাৰ “লাইফ ইঞ্চুৰেঞ্চ” বা জীৱনৰ বীমাৰ কথাও দাঙি ধৰে । প্ৰাৰ্থী তপন কুমাৰ গগৈৰ অনুপস্থিতিত ৰসাল বক্তব্যৰ মাজেদি মুখ্যমন্ত্ৰীয়ে নাজিৰা বিধান সভা সমষ্টিত বিৰোধী কংগ্ৰেছ দলৰ দখলত থকাৰ বিষয়ক আঙুলীয়াই যায় । মূলতঃ তপন কুমাৰ গগৈক এইবাৰ লোকসভাৰ নিৰ্বাচনত নাজিৰা বিধান সভা সমষ্টিত বিজয়ী কৰাবলৈ ৰাইজলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীয়ে কয় যে তপন কুমাৰ গগৈক নৰেন্দ্ৰ মোডীৰ হাত সবল কৰিবলৈ বিজয়ী কৰালেই নাজিৰাতো নৰেন্দ্ৰ মোডী, হিমন্ত বিশ্ব শৰ্মাৰ ইঞ্জিনৰ লগতে লোকসভাৰ নিৰ্বাচনৰ পাচতেই চলিব তিনিটা ইঞ্জিনৰ ৰে’ল । মুখ্যমন্ত্ৰীয়ে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই কেৱল চিঠি লিখি ভাল পায় আৰু তেওঁলৈকে অনেকখন চিঠি লিখি মূলতঃ কোনো উন্নয়ন সাধিব পৰা নাই বুলি উল্পেখ কৰে । সেয়ে এতিয়া দুই ইঞ্জিনে বিকাশৰ ৰাষ্টাত আগলৈ যাব বিচাৰিলেও দেৱব্ৰত শইকীয়াই বিপৰীত মুখে পাচলৈ টানি ৰখা বুলি কটাক্ষ কৰে । ২০২৬ চনত সেয়ে নাজিৰা বিধান সভা সমষ্টিত বিজেপি দলৰ প্ৰতিনিধি জয়ী কৰোৱাই একেলগে একেমুখে চাৰিটা ইঞ্জিনে বিকাশৰ ৰে’ল চলাব বুলি নিজ বক্তব্যত কৈ যায় । প্ৰায় চল্লিশ মিনিট জোৰা ভাষণত মুখ্য মন্ত্ৰীয়ে বিভিন্ন যান-বাহনেৰে আহি সমবেত প্ৰায় দহ হাজাৰ লোকৰ মাজলৈ সোমাই ভাৱ-বিনিময় কৰে । “আকৌ এবাৰ মোডীৰ চৰকাৰ” গানৰ তালে তালে মঞ্চত নাচি উঠা মুখ্যমন্ত্ৰীয়ে আগন্ত্তক সময়ত পুনৰ ৫০ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ বিষয়ে ব্যক্ত কৰাৰ লগতে ক্ৰমে ৰেচন কাৰ্ড, অৰুণোদয় পোৱাৰ পাচত তেনে প্ৰতিটো পৰিয়ালৰ উপাৰ্জনকাৰী মূৰব্বী ব্যক্তিজনৰ মৃত্যু ঘটিলে হ’ব পৰা সম্ভাৱ্য হাহাকাৰৰ বিষয়ে ৰাইজক সজাগ কৰি তোলে । তেনে পৰিস্থিতিত ধনৰ উপযু্ক্ত উৎস জীয়াই ৰাখিবলৈ প্ৰয়োজন হোৱা “লাইফ ইঞ্চুৰেঞ্চ” বা জীৱন বীমাৰ নিৰ্দিষ্ট প্ৰিমিয়াম চৰকাৰে পৰিশোধ কৰি যোৱাৰ পৰিকল্পনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগতে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে । সাংসদ পল্লৱ লোচন দাস, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই সহ দলীয় কৰ্মীসকল উপস্থিত থকা সভাত অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ প্ৰাক্তন সভাপতি দেবেন ৰবি দাস সহ ৮ জনে বিজেপি দলত যোগদান কৰে । মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ উন্নয়ন সাধন কৰিবলৈ হ’লে সঁচাকৈ সমষ্টি উন্নয়নৰ কাৰণে খনিকৰৰ প্ৰয়োজন বুলিও দোহাৰে ।