তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ নিবেদন “ঘৰে ঘৰে তিৰংগা” র্শীষক বাটৰ নাট 

Pc Hindustan Times

তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ নিবেদন “ঘৰে ঘৰে তিৰংগা” র্শীষক বাটৰ নাট 

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ সঞ্চালকালয়ে প্রস্তুত কৰি উলিয়াইছে“ঘৰে ঘৰে তিৰংগা” র্শীষক এখনি বাটৰ নাট। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ মর্মে জনসাধাৰণৰ মনত দেশপ্রেমৰ ভাৱ জগাই তুলি দেশৰ জাতীয় পতাকাখনৰ প্রতি সম্মান জনাই অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হাতত লােৱা কাৰ্যসূচী ঘৰে ঘৰে তিৰংগাৰ প্ৰচাৰৰ বাবে এই বাটৰ নাট ৯ আগষ্ট তাৰিখৰ পৰা ১২ আগষ্টলৈ গুৱাহাটীৰ আশে-পাশে বিভিন্ন ঠাইত পৰিৱেশন কৰা হব। সঞ্চালকালয়ৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা এই বাটৰ নাট ৯ আগষ্ট তাৰিখে পুৱা ১১.০০ বজাৰ পৰা ক্রমে জালুকবাৰী, আজ আৰু বিয়লি মির্জা, ৰামপুৰত অনুষ্ঠিত হ’ব। একেদৰে ১০ আগষ্ট তাৰিখে সােণাপুৰ, ক্ষেত্ৰী আৰু বিয়লি মালৈবাৰী, তেতেলীয়া বজাৰত অনুষ্ঠিত হ‘ব।১১ আগষ্টত আমিনগাঁও, ৰংমহল, অভয়পুৰ আৰু চাংচাৰিত অনুষ্ঠিত হ’ব। ১২ আগষ্ট অন্তিম দিনা পুৱাবেলা নাৰেংগী, চপাইডং আৰু বিয়লি চন্দ্ৰপুৰ, মায়ঙত অনুষ্ঠিত কৰা হব।  উল্লেখযােগ্য যে ৮ আগষ্ট তাৰিখে সঞ্চালকালয় চৌহদত সঞ্চালক বিষ্ণু কমল বৰা প্ৰমুখ্যে সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত প্রথমবাৰ এই বাটৰ নাটখন প্রদর্শন কৰা হয়।