ঢোল বাদনেৰে দিল্লী কলা মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকা দত্তই  

ঢোল বাদনেৰে দিল্লী কলা মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকা দত্তই  
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ মৈৰামৰা সত্ৰৰ দিগন্ত দত্ত আৰু মাতৃ মৌচুমী দত্তৰ একমাত্ৰ কন্যা চয়নিকা দত্তই দিল্লীত অনুষ্ঠিত হোৱা কলা মহোৎসৱত ঢোল বাদনেৰে অসমৰ হৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ হাঁহচৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। চয়নিকা হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আৰু মন এটি আশা দলৰ সক্ৰীয় সদস্যা।দিল্লীৰ ৰাষ্ট্ৰীয়  বাল ভৱনত শিক্ষা মন্ত্ৰালয়,ৰাষ্ট্ৰীয় বাল ভৱন,গান্ধী স্মৃতি এণ্ড দৰ্শন সমিতি(Gandhi Smriti and Darshan Samiti) আৰু এনচিইআৰটিৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই দিল্লী কলা মহোৎসৱ।নিজৰ অধ্যয়নৰত হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই অনুষ্ঠানতেই অসমৰ হৈ ঢোল বাদনত অংশ গ্ৰহণ কৰিছিল চয়নিকা দত্তই।ষষ্ঠ শ্ৰেণীৰ পৰা চয়নিকা দত্তই বিভিন্ন মঞ্চত ঢোল বাদন কৰি অহাৰ উপৰিও খোল,নাগাৰা,পেঁপা আদিও পৰিৱেশন কৰি আহি আহিছে।বৰ্তমান চয়নিকাৰ বয়স চৈধ্য বছৰ। দিল্লীৰ কলা মহোৎসৱত ঢোল বাদনেৰে অসমৰ হৈ সোণৰ পদক অৰ্জন কৰি স্বগৃহত চয়নিকা দত্ত উপস্থিত হোৱাৰ পিছতেই স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,দল-সংগঠৰ লগতে বিভিন্নগৰাকী অনুৰাগী চয়নিকা দত্তক সম্বৰ্ধনা জনোৱাৰ লগতে হাৰিপৰা আলিৰ পৰা গায়ন-বায়নেৰে অসংখ্য লোকে স্ব-গৃহলৈ আদৰি আনে।