‘ড° সূৰ্য হাজৰিকাৰ নিৰ্বাচিত কিছু গীতৰ স্বৰলিপি’ গ্ৰন্থ উন্মোচন

‘ড° সূৰ্য হাজৰিকাৰ নিৰ্বাচিত কিছু গীতৰ স্বৰলিপি’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ড° সূৰ্য হাজৰিকাৰ নিৰ্বাচিত কিছু গীতৰ স্বৰলিপি’ গ্ৰন্থখনি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷ৰীতামণি চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাত পুথিখনৰ গীতিকাৰ ড° সূৰ্য হাজৰিকা, বিশিষ্টা গায়িকা মনীষা হাজৰিকা,আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক অৱনী ৰঞ্জন পাঠক,কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গৌতম শৰ্মা,অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী,এছ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষা ইভা হাজৰিকা,বিশিষ্ট শিল্পী নিত্যানন্দ ডেকা,পুথিখনৰ স্বৰলিপিকাৰ গীতিকাৰ,সুৰকাৰ,সংগীত পৰিচালক ৰঞ্জন কুমাৰ ভট্টাচাৰ্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হয়৷পুথিখনত অন্তৰ্ভূক্ত ড° সূৰ্য হাজৰিকা ৰচিত,প্ৰাতঃ স্মৰণীয় সুধাকন্ঠ ড° ভূপেন হাজৰিকা,প্ৰয়াত প্ৰভাত শৰ্মাকে ধৰি বিভিন্নজনে সুৰাৰোপণ কৰা আৰু ড° ভূপেন হাজৰিকা,লোকনাথ গোস্বামী,মহেন্দ্ৰ হাজৰিকা,নয়নজ্যোতি শইকীয়া,তৰালী শৰ্মা,বৰ্ণালী কলিতা আদি বহুজনৰ কন্ঠেৰে বাণীবদ্ধ হৈ ইতিমধ্যে মুক্তি লাভ কৰা সৰ্বমুঠ ২৪ টা গানৰ স্বৰলিপি সমূহ প্ৰস্তুত কৰিছে ৰঞ্জন কুমাৰ ভট্টাচাৰ্যই৷সংগীতা বৰুৱা আৰু আশ্বাষ আয়ুস্মানে গীত পৰিৱেশন কৰে৷একেখন সভাতে গুৱাহাটীৰ সপ্তসুৰ শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত পদ্মশ্ৰী বঁটা প্ৰাপক ড° সূৰ্য হাজৰিকা ৰচিত গীতৰ প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয়৷বঁটা লাভ কৰোতাসকল ‘ক’ শাখা প্ৰথম ধৃষিতা বৰা, বেলতলা,গুৱাহাটী, দ্বিতীয় অমন আহমেদ, কলেজ ৰোড, নলবাৰী, তৃতীয় লুইছা বৰগোঁহাই, নামৰূপ,‘খ’ শাখা প্ৰথম গুণগুণ কাশ্যপ,পান্দু,গুৱাহাটী,আৰু প্ৰিয়াঞ্চী বৰ্মন,গড়চুক,গুৱাহাটী,দ্বিতীয় খ্যাতি তৃষা দেৱী,ভঙাগড়,গুৱাহাটী,তৃতীয় উপাসনা বৰ্মন,গীতানগৰ,গুৱাহাটী, ‘গ’শাখা বিচাৰকৰ বিশেষ বঁটা জ্যোতিমালা শৰ্মা বৰদলৈ, জামুগুৰিহাট, শোণিতপুৰ আৰু মিনাৰ্ভা বেজবৰুৱা,মালিগাঁও, গুৱাহাটী৷