ড° শৰ্মাৰ নেতৃত্বত দ্রুত উন্নয়নৰ দিশে অসমঃ মন্ত্ৰী পিযুষ হাজৰিকা

pc The Sentinel Assam

ড° শৰ্মাৰ নেতৃত্বত দ্রুত উন্নয়নৰ দিশে অসমঃ মন্ত্ৰী পিযুষ হাজৰিকা

অনলাইন বাৰ্ত্তাসেৱা – পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হাজৰিকাই কয় যে সুশাক্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰাৰ পাছত থাওৰা সমষ্টিত কংগ্ৰেছ একেবাৰে শেষ হ’ল। সতীৰ্থ মন্ত্ৰী যোগেন মহন, সাংসদদ্বয় প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ, বিধায়ক ভুবন পেগু, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীৰ উপস্থিতিত পথৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত কয় যে সাংসদ তপন কুমাৰ গগৈয়ে প্রাক্তন বিধায়কদ্বয় কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁইৰ লগ হৈ মুখ্যমন্ত্ৰীৰ পৰা থাওৰা সমষ্টিৰ পথ আৰু দলং নিৰ্মাণৰ বাবে বিগত এটা মাহত প্রায় ৫৩ কোটি টকাৰ পেকেজ লাভ কৰিবলৈ সক্ষম হৈছে। সমষ্টিবাসীৰ বাবে এয়া এক উল্লেখযোগ্য খবৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে দ্রুত উন্নয়নৰ দিশে গতি কৰিছে। থাওৰা সমষ্টিত প্রায় ১৫ কোটি টকাৰ পকা মথাউৰি আৰু পয় ১২ কোটি টকাৰ এক ষ্টেডিয়াম নিৰ্মাণৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। লক্ষণীয় যে দিনজোৰা কাৰ্যসূচীৰে থাওৰা সমষ্টিৰ বিভিন্ন স্থানত ১৪টা স্থানত পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

(UD.)