ড° নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ড° নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক-পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰাপক , অসম সাহিত্য সভাৰ ’সদস্য মহীয়ান“ ড° নবীনচন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোক বাৰ্তাত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যু কেবল বিদ্যায়তনিক ক্ষেত্ৰখনৰেই নহয় সমগ্ৰ সমাজ জীৱনৰো বিস্তৰ ক্ষতি বুলি অভিহিত কৰে ৷ সভাৰ সভাপতি-প্ৰধান সম্পাদকে প্ৰয়াত সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ সাহিত্যিক গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সভাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লগতে আটাইকেউটা কাৰ্যালয়তে দিনটোৰ বাবে পতাকা অৰ্ধনমন কৰিবৰ কাৰণে সভাই আহ্বান জনাইছে৷