ডুৰাণ্ড কাপৰ গুৱাহাটীৰ উদ্বোধনী খেলত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেডৰ বৃহৎ জয়

ডুৰাণ্ড কাপৰ গুৱাহাটীৰ উদ্বোধনী খেলত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেডৰ বৃহৎ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ গুৱাহাটীৰ উদ্বোধনী খেলত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেডৰ বৃহৎ জয়। নৰ্থ ইষ্ট ইউনাইটেড দলে শ্বিলং লাজঙক ৪-০ গ’লত পৰাস্ত কৰে। অসমৰ  পাৰ্থিৱ গগৈয়ে প্ৰথমখন খেলতে হেট্ৰিক অৰ্জন কৰে। পেনাল্টিৰ জৰিয়তে আনটো গল দিয়ে নৰ্থ ইষ্টৰ ফ্ৰান্সৰ খেলুৱৈ ৰমেন ফিলিপটেক্সয়ে।খেলৰ পূৰ্বে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই দুয়ো দলৰ খেলুৱৈ সৈতে চিনাকি হয়।জনপ্ৰিয় সংগীত শিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰে। শিল্পী ৰঞ্জিত গগৈৰ দলৰ বাৰেচহৰীয়া নৃত্য গীত পৰিবেশন। খেলৰ পূৰ্বে আৰু বিৰতিৰ সময়ত ভাৰতীয় সেনা, পাঞ্জাব ৰেজিমেন্টৰ জোৱানে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰে । হেলিকপ্টাৰেৰে দৰ্শকক অভিবাদন জনায়।