ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ ছাত্রী নিবাসত নবাগতক আদৰণি:: কটন মহাবিদ্যালয়তকৈ হাজাৰ গুণ ধুনীয়া:বিধায়ক প্ৰশান্ত ফুকন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্রী নিবাসৰ নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্রুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন। বিধায়কগৰাকীয়ে নবাগতসকলক উদ্দেশ্যি কয় যে ছাত্রী নিবাসৰ ইতিহাস আছে আৰু সেই ইতিহাস নবাগতা সকলেও জ্ঞান, শিক্ষা আহৰণ কৰি সৃষ্টি কৰিব লাগিব। মহাবিদ্যালয়ৰ মুখ্যদ্বাৰৰ পৰা গায়ন-বায়নেৰে সভাগৃহলৈ উম্ম আদৰণি জনাই অনা অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে কটন কলেজৰ পৰিৱেশতকৈ হাজাৰ গুণ ধুনীয়া কানৈ মহাবিদ্যালয়ৰ পৰিৱেশ। এই পৰিৱেশ সৃষ্টি কৰা বিধৰ ব্যক্তিসকলক আমি চিনি পোৱা উচিত আক মনত ৰখা উচিত বুলি মত প্রকাশ কৰি কয়- অসমত এনে সুন্দৰ শৈক্ষিক পৰিৱেশ থকা মহাবিদ্যালয় আৰু আছে বুলি মই নাভাবো। ছাত্রী ভার্চী গগৈয়ে আঁত ধৰা অনুষ্ঠানত নবাগতাসকলক আদৰণি জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই কয় ‘মানুহৰ জীনেটো কিমানবাৰ উশাহ ল’লে সেইটো সংখ্যাৰ দ্বাৰা নহয়, বৰঞ্চ উশাহ লোৱা প্রতিটো মুহুৰ্তৰ পৰাহে জীৱন জুখিব পাৰি। জীৱনৰ কোনো কোনো মুহুর্তত কেতিয়াবা হাঁহি-কান্দোন, সংগ্ৰামৰ মূহুর্তও অতিক্রম কৰিব লাগিব।’ ছাত্রী প্রণামী সন্দিকৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে কয় যে ছাত্ৰী নিৱাসত নতুন ঘৰখনলৈ আহি ইজনে সিজনক সহায় কৰিবলৈ, ইজনে সিজনক হাতত হাত ধৰি আগুৱাই নিবলৈ, ইজনে সিজনৰ আনন্দৰ প্রতিটো মুহুর্ত উদযাপন কৰিবলৈ শিকিব লাগিব। ছাত্রী নিৱাসটোত তেনে পৰিৱেশ গঢ়ি তোলাই হৈছে প্ৰথম লক্ষ বুলি উল্লেখ কৰি তেওঁ কয়- সৰুৱেই হওঁক বা ডাঙৰেই হওঁক সকলো কামতে সকলোৱে সমানভাৱে দায়িত্ব লৈ আগুৱাই যাব লাগিব। নবাগত সকলক উদ্দেশ্যি তেওঁ কয়- আপোনালোক কেতিয়াও অকলশৰীয়া নহয়। তেনে ভাৱ মনলৈ আনিব নালাগে। আপোনালোকৰ মনৰ মাজত থকা ভয়, আশা আৰু সপোনবোৰ মহাবিদ্যালয় পৰিয়ালৰ সকলোৱেই ভাগ কৰি ল’ম। অনুষ্ঠানত নিবাসৰ জ্যেষ্ঠসকলক প্রশংসা কৰি তেওঁ কয়- এদিন এই জ্যেষ্ঠসকলেই মনৰ মাজত অনেক অনিশ্চয়তা, উত্তেজনা, ভয়, চিন্তা লৈ ছাত্ৰীনিৱাসত প্রৱেশ কৰিছিল, কিন্তু এতিয়া তেওঁলোকেই সকলোকে সুন্দৰ পথ দেখুৱাবলৈ, নবাগত সকলক পথ বিচাৰি উলিওৱাত সহায় কৰিছে, আমি সকলোৱে একেটা পৰিয়ালৰ বুলি অনুভব কৰিবলৈ সোঁৱৰাই দি নৱাগত আৱাসীসকলক সাহস যোগাইছে। এইয়া পৰম আনন্দৰ কথা বুলি উল্লেখ কৰি তেওঁ কয় ছাত্রী নিৱাসটো কেৱল আৰাম কৰাৰ থলী বুলি অনুভৱ কৰিবলৈ নহয়, জীৱনটোক আগুৱাই নিবলৈ, নিজকে বিকাশ কৰিবলৈ আৰু জ্ঞান, শিক্ষা আহৰণ কৰাৰ এক পবিত্র স্থান বুলি গন্য কৰিব লাগিব। প্রত্যেকজন আবাসীয়ে নিজকে আবিষ্কাৰ কৰিব লাগিব, মুকলি মন, হৃদয়ৰে জীৱনৰ যাত্রা পথক আকোৱালি ল’ব লাগিব বুলি তেওঁ কয়। ছাত্রীনিবাসটোত সকলোৱে মিলি এনে ইতিবাচক পৰিবেশ সৃষ্টি কৰিব লাগিব, যি পৰিৱেশে জীৱনৰ আচল লক্ষ্য অনুধাৱন কৰাত সহায় কৰিব। নিজক এনেদবে আবিষ্কাৰ কৰিব লাগিব, যিটো পৰিবেশত ‘আমি কোন’ ‘আমি কি হ’ব বিচাবো’ আমাৰ লক্ষ্য, উদ্দেশ্য কি, তেনে মুকলি মন আৰু হৃদয়েৰে জীৱন যাত্রাক আগুৱাই নিব লাগিব বুলিও তেওঁ কয়। জিকাৰ প্রকৃত অর্থ কি সেয়া অনুভব কৰিবলৈ, সৃষ্টি আৰু স্মৃতিবোধক গুৰত্ব দিবলৈ ছাত্রীনিবাসটোরে এক অনন্য সুন্দৰ পৰিবেশ দিব বুলি তেওঁ উল্লেখ কবি বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী, দার্শনিক ড০ এ পি জে আব্দুল কালামৰ জীৱনৰ গুৰুত্বপূর্ণ বাণীৰে সকলোকে আদবণী জনাই কয় সপোন, সপোন, সপোন। কালামে কোরা সেই সপোনক চিন্তালৈ ৰূপান্তৰিত কৰি, চিন্তাক কার্যলৈ পৰিৱর্তন কৰি জীৱনটো আগুৱাই নিবলৈ তেওঁ সকলোকে আহ্বান জনায়। জীবনৰ সময়বোৰ পৰিৱর্তনশীল আৰু এই পৰিৱর্তনৰ মাজত নবাগতাসকলেও নিজৰ ঘৰৰ বিছনাখন, কোঠাতো এবি ভিন ভিন ঠাইৰ পৰা একো একোটা কাহিনী লগত লৈ অহা বুলি উল্লেখ কৰি তেওঁ কয়- আজিৰে পৰা ভিন্ন জনে মনত লৈ অনা ভিন্ন কাহিনী, ইতিহাস, জীৱনৰ মাদকতা, মধুৰতা ইজনৰ লগত সিজনৰ মনৰ মাজত আন্তঃসংলগ্ন হৈ পৰিব। ছাত্রীনিবাসব প্রতিটো সুখ-দুখৰ মুহুর্ত সকলোরে একেলগে অনুভর কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়- এই ছাত্রীনিবাসতে ইজনৰ লগত সিজনৰ আজীবন স্থায়ী বন্ধন গঢ়ি তুলিব লাগিব আৰু সকলোরে তেনে পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব লাগিব। তেওঁ কয় মহাবিদ্যালয়খনৰ ছাত্রীনিরাসটোরে জন্মলাবে পৰা জ্ঞান, মূল্যবোধ আৰু অভিজ্ঞতাৰ পোহৰ বিলাই জীবন গঢ়াৰ ভেটি হিচাপে গুরুত্বপূর্ণ ভূমিকা লৈ আহিছে। নবাগতাসকলেও তেনে চিন্তা আৰু মানসিকতাবে ছাত্রীনিবাসটোৰ গৌৰব বৃদ্ধি কৰিব বুলি কয়। মহাবিদ্যালয়খনৰ প্রতিটো শ্রেণীকোঠা, প্রতিটো আলোচনা, প্রতিটো অভিজ্ঞতাই সকলোকে অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰি তেওঁ কয় মহাবিদ্যালয়খনৰ চিন্তা, দর্শনে সকলোকে উৎকৃষ্টতাৰ দিশত ঠেলি আগুৱাই নিবলৈ পৰিকল্পনা ৰচনা কৰা হৈছে। এই মহাবিদ্যালয়খনতে জীবনব উদ্দেশ্যবোৰ বিচাৰি পাব বুলি উল্লেখ কৰি অধ্যক্ষ ড’ শইকীয়াই কয়- শিক্ষাৰ উদ্দেশ্য কেরল জীৱনৰ কেৰিয়াৰ গঢ়ি তোলা নহয়, জীৱনৰ বাবে প্রয়োজনীয় সকলো গুরুত্বপূর্ণ দিশ গঢ়ি তোলাৰ বাবে মহাবিদ্যালয়খনৰ আদর্শ তৈয়াৰ কৰা হৈছে। মহাবিদ্যালয়ৰ প্রতিজন অধ্যাপক-অধ্যাপিকা, কর্মচাৰী, জ্যেষ্ঠ ছাত্র-ছাত্রীয়ে আপোনালোকক আগুৱাই নিবলৈ, সমর্থন কৰিবলৈ, পথ প্রদর্শন কৰিবলৈ সৰু বৰ প্রতিটো সফলতা উদ্যাপন কৰিবলৈ অনবৰতে লগত থাকিব বুলি সদৰি কৰি তেওঁ কার- এই সুন্দর যাত্রাত সপোনবোবে যেন সকলোকে নেতৃত্ব দিয়ে, চিন্তাবোবে যেন মনক শক্তিশালী কৰে আৰু প্রতিটো কর্মই জীবনকসংজ্ঞায়িত কৰি সফলতাৰ দিশত আগুৱাই নিয়ে। অনুষ্ঠানত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বিনোদ চন্দ্র বড়া উপস্থিত থাকি নবাগতাসকলক সাৰগর্ভ কথাৰে অনুপ্রেৰণা যোগায়। অনুষ্ঠানত ছাত্রীনিবাসব ছাত্রীসকলৰ দ্বাৰা পৰিৱেশিত গীত-নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত শৈক্ষিক সমন্বয়ক ড০ মৃদুল শর্মা, ছাত্র-ছাত্রীৰে সম্পৰ্কৰক্ষী সমন্বয়ক ড০জ্যোতি প্রসাদ ফুকন, ছাত্রীনিবাসৰ অধীক্ষিকা অধ্যাপিকা উর্মিলা ৰামচিয়াৰী, অধ্যাপিকা ড০ নিতুমণি শইকীয়াকে ধৰি ছাত্রীনিবাসৰ ছাত্ৰীসকল উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে ছাত্রী প্রণামী সন্দিকৈয়ে।