ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্ৰক বহিষ্কাৰ

Pc The Janambhumi

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্ৰক বহিষ্কাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ ফলক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়খনৰ মফিজুদ্দিন আহমেদ ছাত্ৰাৱাসত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তিনিজন ছাত্ৰক শিক্ষানুষ্ঠানখনৰ পৰা স্থায়ীভাৱে বৰ্খাস্ত কৰাৰ উপৰি আন দুজন প্ৰাক্তন ছাত্ৰক বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে৷ উল্লেখযোগ্য যে যোৱা ১৫ নৱেম্বৰত উক্ত ছাত্ৰাৱাসত দুটা পক্ষৰ  মাজত ভীষণ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল৷ নিৰ্বাচনত পৰাজিত এটা পক্ষই আৱাসীসকলক মাৰপিট কৰাৰ উপৰি প্ৰাণে মৰাৰো চেষ্টা চলায়৷ ফলত প্ৰাণ বচাবলৈ উক্ত নিশা প্ৰায় ১২-৩০ বজাত আহত ছাত্ৰই বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বিষয়া, ছুপাৰভাইজাৰক ফ’ন কৰি খবৰ দিয়ে৷ নিৰাপত্তাৰক্ষী বিষয়া আৰু ছুপাৰভাইজাৰ আহি হোষ্টেলত প্ৰৱেশ কৰাত উত্তেজিত একাংশ ছাত্ৰই লাইট বন্ধ কৰি তেওঁলোক দুয়োকে বেয়াকৈ মাৰপিট কৰে৷ পাছত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱাল উপস্থিত হোৱাত মাৰপিট কৰা ছাত্ৰকেইজন পলাই যায়৷ এই ঘটনাক লৈ বিশ্ববিদ্যালয়খনৰ চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ উপৰি একাংশ আৱাসী নিৰাপত্তাহীনতাত ভোগে৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি যোৱা ১৭ নৱেম্বৰত অনুষ্ঠিত বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ জৰুৰী সভাই তিনিজন ছাত্ৰ ক্ৰমে লব্ধপ্ৰতিম দাস (অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ), হেমাংগ ভূঞা (মাষ্টাৰ অৱ বিজনেছ, এডমিনিষ্ট্ৰেশ্যনৰ প্ৰথম ষাণ্মাসিকৰ ), আৰু অংকুৰ হাতীবৰুৱাক (চেণ্টাৰ ফৰ টি এণ্ড এগ্ৰ’ষ্টাডিজৰ প্ৰথম ষাণ্মাসিকৰ)  বিশ্ববিদ্যালয়খনৰ পৰা স্থায়ীভাৱে বৰ্খাস্ত কৰা হয়৷ লগতে ভৱিষ্যতে বিশ্ববিদ্যালয়খনত পুনৰ নামভৰ্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে৷ অন্যহাতে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এক নিৰ্দেশনাযোগে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডেভিদ হাজৰিকা আৰু ৰুবুল বৰাক ভৱিষ্যতৰ বাবে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ তেওঁলোকে মফিজুদ্দিন আহমেদ ছাত্ৰাৱাসৰ কোঠা দখল কৰি আছিল৷ উল্লেখযোগ্য যে বৰ্খাস্ত কৰা ছাত্ৰ হেমাংগ ভূঞাই স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ প্ৰাৰ্থী হিচাপে সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল৷