জম্মু-কাশ্মীৰত হিমস্খলনৰ ফলত ৩ জন ভাৰতীয় সেনা জোৱান নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলাত হোৱা হিমস্খলনৰ ফলত তিনিজন ভাৰতীয় সেনাৰ জোৱানৰ মৃত্যু হয়। কুপৱাড়া আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো LoCৰ মাচিল ছেক্টৰত সংঘটিত হৈছে আৰু সেনাৰ ৫৫ নং ৰাষ্ট্ৰীয় ৰাইফলছৰ তিনিজন কৰ্তব্যৰত জোৱানৰ মৃত্যু হয়। মৃত্যু হোৱা জোৱানকেইজন সৌভিক হাজৰা, মুকেশ কুমাৰ আৰু গায়কৱাড় মনোজ লক্ষ্মণ ৰাও বুলি চিনাক্ত কৰা হৈছে।