ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “লোক কল্যাণ দিৱস-২০২৪” উদযাপন
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষ্যে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো আজি (৫ আগষ্ট) ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “লোক কল্যাণ দিৱস” ডিব্ৰুগড় জিলা পুথিভঁৰালত উদযাপন কৰা হয়। লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। “লোক কল্যাণ দিৱস”ৰ কাৰ্য্যসূচীত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ আদৰ্শ আৰু চিন্তাধাৰা বৰ্তমানৰ সমাজ জীৱনৰ বাবে প্ৰেৰণাদায়ক বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তি তথা নৱপ্ৰজন্মৰ বাবে অনুকৰণীয় বুলি মন্তব্য আগবঢ়ায়। জিলা আয়ুক্তই অসম চৰকাৰে কৰ্মদক্ষ, নিষ্ঠাবান তথা সৎ বিষয়া- কৰ্মচাৰীসকলক লোকসেৱাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ এই পদক্ষেপে অন্যান্য কৰ্মচাৰীসকলকো পৰৱৰ্তী সময়ত নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰাত যথেষ্ট উৎসাহিত কৰিব বুলি কয়। প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীকে নতুনত্বক আদৰি পৰিৱৰ্তী সময়ত কৰ্মসংস্কৃতিৰ সৈতে নিজক খাপ খুৱাই সততা আৰু নিষ্ঠাসহকাৰে ৰাইজৰ সেৱাত ব্ৰতী হবলৈয়ো জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনায়। অতিৰিক্ত জিলা আয়ুক্ত জিন্টু বৰাই উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়োৱা লোক কল্যাণ দিৱসৰ এই কাৰ্য্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বৰুণ দে। তেখেতে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত আগবঢ়োৱা অৱদান বিতংকৈ উল্লেখ কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰতো আলোকপাত কৰে। তেওঁ প্ৰশাসন যন্ত্ৰৰ লগতে প্ৰতিটো বিভাগ তথা কৰ্মস্থলীত কিদৰে পৰিৱৰ্তনৰ সুচনা হৈছে সেই বিষয়ে আলোকপাত কৰে। এই সভাত জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁই, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মনিকা বৰা, সহকাৰী আয়ুক্ত নিলাক্ষী ভূঞা, সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰী, ডিব্ৰুগড় পূব ৰাজহচক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰা, ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন চাংমাই প্ৰমুখ্যে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰীসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।