ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবাল গৰাখহনীয়া পৰিদৰ্শন জাতীয় পৰিষদৰ সঁজাতি দলৰ

ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবাল গৰাখহনীয়া পৰিদৰ্শন জাতীয় পৰিষদৰ সঁজাতি দলৰ

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় মোহনাঘাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা মোহনাঘাটৰ নৈপৰীয়া ৰাইজৰ লগতে গৰাখহনীয়া পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ এটা সঁজাতি দলে। মোহনাঘাটৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ অহা অসম জাতীয় পৰিষদৰ ভ্ৰাতৃদল ‘জাতীয় যুৱ শক্তি’ৰ কেন্দ্ৰীয় সম্পাদক স্বাক্ষৰ জ্যোতি বৰগোহাঁই, জাতীয় যুৱ শক্তিৰ ডিব্ৰুগড় জিলা কাৰ্য্যকৰী সভাপতি পাৰ্থপ্ৰতিম ভূঞা, ডিব্ৰুগড় সমষ্টিৰ সম্পাদক বিক্ৰম ছেত্ৰী, চন্দ্ৰকমল দাস, অসম জাতীয় পৰিষদৰ উপ-সভাপতি মহচিন ৰেইচ আহমেদ, পবিত্ৰ বৰুৱা, সুনীল সিং, পল্লৱ দাস, দেৱজিত ফুকন আৰু ৰনদ্বীপ শইকীয়াই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল ভ্ৰমণ কৰে। ডিব্ৰুগড় মোহনাঘাটৰ নৈপৰীয়া এই গৰাখহনীয়া অঞ্চলৰ দৃশ্য দেখা পাই দলটোৱে জাঙুৰ খাই উঠে ।পৰিদৰ্শন কৰিবলৈ অহা জাতীয় যুৱ শক্তি কেন্দ্ৰীয় সম্পাদক স্বাক্ষৰ জ্যোতি বৰগোহাঁইয়ে সংবাদ মাধ্যমৰ আগত জনাই যে যোৱা বছৰ মাথাউৰিৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত এখন খেলপথাৰ আছিল আজিৰ তাৰিখত সেইখন খেলপথাৰ খন কিয় নোহোৱা হল?কাৰ ভুলৰ বাবে নোহোৱা হল? প্ৰশাসনে যি ভূমিকা ল’ব লাগিছিল সেয়া নকৰিলে বুলিও দলটোৱে অভিযোগ উত্থাপন কৰে।চৰকাৰৰ যি ভূমিকা হ’ব লাগিছিল সেয়া ৰাইজে প্ৰত্যক্ষ কৰিছে।ডিব্ৰুগড় ৰাইজৰ স্বাৰ্থত চৰকাৰ খনে যি দৰে কাম কৰিব লাগিছিল তেনে ধৰণৰ কাম কৰা দেখা পোৱা নাই বুলিও জনায়।খৰালিত নৈৰ কাম কৰিব লাগে, কিন্তু তাকে নকৰি বাৰিষাৰ আগমুহূৰ্ততে এই অৱস্থা ।আগন্তুক বাৰিষাত ডিব্ৰুগড় মোহনাঘটৰ অঞ্চল সমূহ পানীত বুৰ যোৱা আকাংক্ষা বেছি দেখা দিছে বুলি জনায়।