ডিব্ৰুগড়ৰ মিৰ্জাবাগত চোৰৰ উপদ্ৰৱ :চি চি কেমেৰা ভাঙি ব্যবসায়ীৰ নিলে নগদ ধন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় আমোলাপট্টি মিৰ্জাবাগ অঞ্চলৰ ব্যৱসায়িক প্রতিষ্ঠানৰ চিচি কেমেৰা ভাঙি “মেৰ্চাচ ৰিন্টু এ আৰ চিকেন চেন্টাৰ’ত যোৱা নিশা চোৰে দোকানখন লণ্ড ভণ্ড কৰাৰ লগতে দিনৰ সমস্ত বিক্ৰী কৰি থোৱা ধন আৰু সংগ্ৰহৰ টকা প্ৰায় দুই লাখ পঞ্চাছ হাজাৰৰো অধিক নগদ টকা লৈ উধাও হয় হয় বুলি স্বত্বাধিকাৰীয়ে ইতিমধ্যে আমোলাপট্টি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।ডিব্ৰুগড় ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা এই ব্যৱসায়ীক প্ৰতিষ্ঠান মেচাৰ্চ ৰিন্টু এ আৰ চিকেন চেন্টাৰ খন। ব্যৱসায়িক প্রতিষ্ঠান খনৰ পৰা নাতিদূৰত আছে আমোলাপট্টি আৰক্ষী চকী।দিনে নিশাই আৰক্ষীয়ে টহল দিয়ে যদিও আৰক্ষীক নাকত ধৰি চাকত ঘূৰোৱা চোৰক কিন্ত্ত হাৰ মনাব পৰা নাই। অঞ্চলটোত সঘনাই চুৰি হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ।সেয়েহে নিৰাপত্তাহীনতাত ভুগিব লগীয়া হৈছে ৰাইজ আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকীসকল।বিশেষকৈ আমোলাপট্টি অঞ্চলত এই ধৰণৰ ঘটনা এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেইবাটাও চুৰি ঘটনা সংঘটিত হোৱা কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।